গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী :গুৱাহাটীৰ বিশ্বজিৎ হাজৰিকাৰ হত্যাকাণ্ডৰ পাঁচমাহৰ পাচত ভেদ হ’ল ৰহস্য (Biswajit Hazarika Murder Case)৷ অপহৰণ কৰি হত্যা কৰা হৈছিল বিশ্বজিৎ হাজৰিকাক ৷ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ মাষ্টাৰ মাইণ্ডসহ ছয়জনক গ্ৰেপ্তাৰ কৰিছে । এতিয়াও পলাতক হৈ আছে কেইবাজনো অভিযুক্ত ৷
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অভিযোগকাৰীসকল ক্ৰমে পাঞ্জাবাৰীৰ অজয় কলিতা (৩০), নেলীৰ প্ৰণৱ ৰংহাং (২৫), বশিষ্ঠৰ দেৱজিৎ ডেকা (২৬), নুনমাটিৰ সঞ্জয় কুমাত ভগৎ (২৬), বোন্দাৰ পৰশ ছেত্ৰী (২৪), ময়ূৰ নাথ (২৪) (Accused of Biswajit Hazarika Murder) ৷ এই কথা সোমবাৰে সংবাদমেলযোগে সদৰী কৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (Guwahati CP Diganta Borah)।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰি কয়, ‘‘সহজে ধন উপাৰ্জনৰ লোভত সমগ্ৰ ঘটনাটোৰ পৰিকল্পনা কৰিছিল অজয় কলিতাই ৷ সেই পৰিকল্পনাৰ কথা আলোচনা কৰিছিল প্ৰণৱ ৰংহাঙৰ লগত ৷ পৰিকল্পনা মতে সহজে ধন ঘটাৰ বাবে লক্ষ্য কৰি লৈছিল বিশ্বজিৎ হাজৰিকাক ৷ বিশ্বজিৎ হাজৰিকা কৰ্মৰত ঔষধ নামৰ ফাৰ্মাচীখনৰ স্বত্বাধিকাৰী বুলি ভাবি লক্ষ্য কৰি লৈছিল ৷ অপহৰণৰ দুই তিনিদিনৰ পৰা অনুসৰণ কৰিছিল বিশ্বজিতক (Murder after kidnaping in Guwahati)৷’’
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, ‘‘৯ অক্টোবৰৰ সন্ধিয়া প্ৰায় ৭.৩০ বজাত কৰ্তব্যথলীৰ পৰা ঘৰলৈ ৰিক্সাৰে উভতি যোৱাৰ সময়ত মটৰ চাইকেলেৰে অজয় কলিতা আৰু ময়ূৰ নাথে আগভেটি ধৰি ৰিক্সাখন ৰখায় । তাৰ পাচতে এখন বলেৰ’ বাহনত প্ৰণৱ ৰংহাং, দেৱজিৎ ডেকা, সঞ্জয় কুমাৰ ভগত, পৰাশ ছেত্ৰী আহি বলেৰ’ত উঠাই অপহৰণ কৰি লৈ যায় বিশ্বজিৎ হাজৰিকাক । ইয়াৰ পাচতে নেলী আমগুৰিৰ প্ৰণৱ ৰংহাঙৰ ঘৰৰ নৱনিৰ্মিত বাথৰূমত বিশ্বজিৎ হাজৰিকাক আৱদ্ধ কৰি ৰাখে’’ ৷