গুৱাহাটী,১৩ মে': অসম বিধানসভাৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ব পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী । বিজেপিৰ বিধায়কজনক অসম বিধানসভাৰ অধ্যক্ষৰূপে বাচনি কৰাটো প্ৰায় নিশ্চিত হৈছে । ৰাজ্যসভাত অসমক দীঘলীয়া সময়ৰ বাবে প্ৰতিনিধিত্ব কৰা বিশ্বজিৎ দৈমাৰী ২০০১ চনত বিপিএফ দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল । ২০০৮ চনৰ পৰা ২০২০ চনলৈ তেওঁ ৰাজ্যসভাৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।
উল্লেখ্য যে, বিটিআৰৰ নিৰ্বাচনৰ সময়ত ২০২০ চনৰ নবেম্বৰ মাহত ৰাজ্যসভাৰ সদস্য পদ আৰু বিপিএফ দল ত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰে । পৰৱৰ্তী সময়ত তেওঁ বিজেপি দলক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভালৈ গৈছিল । সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে পানেৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয় । বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিশ্বজিৎ দৈমাৰীয়ে ৰাজ্যসভাৰ পদ ত্যাগৰ বাবে দিয়া পদত্যাগ পত্র ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে ।