অসম

assam

ETV Bharat / state

সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে : দেওবাৰে যোগ দিব বিজেপিত - Press meet

সালসলনি ঘটিছে বিটিচিৰ নিৰ্বাচনী প্ৰেক্ষাপটত ৷ ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰস্তুতি আৰু প্ৰচাৰ সভা ৷ এনে সময়তে বিপিএফ দল ত্যাগ কৰা বিশ্বজিৎ দৈমাৰীয়ে শনিবাৰে সাংসদ পদৰ পৰাও অব্যাহতি লয় ৷ দৈমাৰীয়ে দেওবাৰে যোগদান কৰিব বিজেপিত ৷

Biswajit daimary resigned from MP guwahati assam etv bharat news
সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে

By

Published : Nov 21, 2020, 4:55 PM IST

গুৱাহাটী,21 নৱেম্বৰ: অৱধাৰিতভাৱে ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে । শনিবাৰে সাংসদ পদ আনুষ্ঠানিকভাৱে ত্যাগ কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে দৈমাৰীয়ে । উল্লেখ্য যে, ইতিমধ্যে দৈমাৰীয়ে বিপিএফ দলো ত্যাগ কৰিছিল । গুৱাহাটীত শনিবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰি দৈমাৰীয়ে ঘোষণা কৰে দেওবাৰে অৰ্থাৎ কাইলৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ কথা ৷

সাংসদ পদ ত্যাগ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে

কাইলৈৰ পৰা বিশ্বজিৎ দৈমাৰীৰ নতুন ঘৰ হ’ব বিজেপি দল ৷ বিপিএফৰ প্ৰতি কোনো ধৰণৰ শত্ৰুতা নাই বুলি মন্তব্য কৰি দৈমাৰীয়ে কয় যে এতিয়াৰে পৰা বিজেপিয়ে যি দায়িত্ব দিয়ে সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব প্ৰাক্তন সাংসদগৰাকীয়ে । বিজেপি আৰু বিপিএফৰ বন্ধুত্ব পৰৱৰ্তী সময়ত আৰু বাহাল নাথাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় দৈমাৰীয়ে ৷

সাংসদগৰাকীৰ পদত্যাগ পত্ৰ

আনহাতে, বিটিআৰৰ নিৰ্বাচনত বিপিএফৰ ফলাফল অতিকৈ শোচনীয় হ’ব বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে 25 নৱেম্বৰৰ পিছত সহস্ৰাধিক বিপি এফ সদস্য আৰু নেতাই দলটো ত্যাগ কৰিব ।

লগতে চাওকঃউদিত সূৰ্যক অৰ্ঘ প্ৰদানেৰে সমাপ্ত ষট পূজা

ABOUT THE AUTHOR

...view details