গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: চতুৰ্থটো কাৰ্যকালৰ বাবে পুনৰ ৰাজ্যসভাৰ সাংসদ হোৱাৰ পথ প্ৰশস্ত হ'ল ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ । উল্লেখ্য যে, ৰাজ্যসভাত খালি হোৱা এখন আসনৰ বাবে একমাত্ৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে বিশ্বজিৎ দৈমাৰীয়ে মনোনয়ন দাখিল কৰে । ১৮ ফেব্ৰুৱাৰী আছিল মনোনয়ন দাখিলৰ অন্তিম দিন ।
মনোনয়ন পৰীক্ষাৰ অন্তত শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়াই বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন পত্ৰ বৈধ বুলি ঘোষণা কৰে । ইয়াৰ লগে লগে একমাত্ৰ প্ৰাৰ্থী হিচাপে দৈমাৰীৰ পুনৰ ৰাজ্যসভা সাংসদ হিচাপে মনোনিত হোৱাৰ পথ স্পষ্ট হৈ পৰে ৷