অসম

assam

By

Published : Aug 14, 2021, 5:39 PM IST

ETV Bharat / state

অসম বিধানসভাক লৈ বহু পৰিকল্পনা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

"গো সুৰক্ষা বিধেয়কখনক লৈ শংকা আছিল যদিও গৃহীত হ'ল । এইবাৰ বিধায়কসকলক আলোচনাৰ বাবে প্ৰাধান্য দিয়া হৈছে । নিৰ্দলীয় বিধায়ককো কথা কোৱাৰ সুবিধা দিয়া হৈছে । অসম বিধানসভাই বহু ক্ষেত্রত নতুনত্ব আনিবলৈ সক্ষম হৈছে । বিধানসভাৰ নতুন ভৱনত ই-বিধান ব্যৱস্থা হ'ব । এতিয়াও ৫১ গৰাকী বিধায়কে ঘৰ পাবলৈ বাকী আছে" । শনিবাৰে সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

Biswajit Daimary on budget session
অসম বিধানসভাক লৈ বহু পৰিকল্পনা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

গুৱাহাটী, ১৪ আগষ্ট: "অসম বিধানসভাৰ বাজেট অধিৱেশন সুকলমে অনুষ্ঠিত হৈ গ'ল । অধিৱেশনত ১৭ খনকৈ বিধেয়ক গৃহীত কৰা হ'ল । গো সুৰক্ষা বিধেয়কখনক লৈ শংকা আছিল যদিও গৃহীত হ'ল"। এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ।

শনিবাৰে দিছপুৰত সম্বোধন কৰা এখন সংবাদমেলত অধ্যক্ষ দৈমাৰীয়ে বিধানসভাৰ বিভিন্ন কাম-কাজ সম্পৰ্কে জানিবলৈ দিয়ে । সংবাদমেলত তেওঁ কয়-'এইবাৰ অধিৱেশনত বিভিন্ন বিষয়ত হোৱা আলোচনাত বিধায়কসকলে অংশ ল'লে । এইবাৰ বিধায়কসকলক আলোচনাৰ বাবে প্ৰাধান্য দিয়া হৈছে । নিৰ্দলীয় বিধায়ককো কথা কোৱাৰ সুবিধা দিয়া হৈছে ।’

তেওঁ লগতে কয় যে, অসম বিধানসভাই বহু ক্ষেত্রত নতুনত্ব আনিবলৈ সক্ষম হৈছে । অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত বিধানসভাৰ প্ৰতিনিধি দল গৈ পৰিস্থিতিৰ বুজ লৈ প্ৰতিবেদন দাখিল কৰিলে ।

আনহাতে, ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে উজনি, নামনি আৰু বৰাকৰ বাবে গঠন কৰা প্ৰতিনিধি দলে সংশ্লিষ্ট জিলাৰ সকলো দিশ অধ্যয়ন কৰি বিধানসভাৰ যোগেদি ৰাজ্য চৰকাৰক প্ৰতিবেদন দিব । সেইদৰে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ কলা-কৃষ্টি-সংস্কৃতি সংৰক্ষিত কৰাৰ লগতে বিকাশ আৰু প্ৰসাৰ কৰাৰ বাবে ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ নামৰ এটা নতুন বিভাগ কৰা হৈছে ।

অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, 'অসম বিধানসভাৰ নতুন ভৱন ডিচেম্বৰ মাহলৈ সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে । নতুন ভৱনত ই-বিধান ব্যৱস্থা হ'ব । বহু ক্ষেত্রত নতুনত্ব আহিব ।’ তেওঁ জনোৱা মতে, অধিৱেশনত ভাষা বাচনি কৰাৰ সুবিধা থাকিব । ইয়াৰ জৰিয়তে অসমীয়া বুজি নোপোৱাসকলে অন্য ভাষাত ভাষণ শুনিব পাৰিব । সেইদৰে বাংলা নাইবা ইংৰাজী বুজি নোপোৱাসকলে বুজি পোৱা অন্য ভাষা শুনিব পাৰিব ।

আনহাতে, বিধায়ক আৱাসৰ প্ৰসংগত তেওঁ কয় যে, বিধায়ক আৱাসৰ পুৰণি অসম আৰ্হিৰ ঘৰসমূহ জৰাজীৰ্ণ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ৫০ শতাংশ বিধায়কৰ বাবেহে ঘৰ আছে ।

এতিয়াও ৫১ গৰাকী বিধায়কে ঘৰ পাবলৈ বাকী আছে । পুৰণি আৱাসসমূহ ভাঙি নতুনকৈ নিৰ্মান নকৰা পৰ্যন্ত তেওঁলোকৰ বাবে বাহিৰত এপাৰ্টমেণ্ট বিচাৰি থকা হৈছে । সংবাদমেলত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনো উপস্থিত থাকে ।

লগতে পঢ়ক:এইবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে কি অভিযোগ আনিলে ৰাইজৰ দলে

ABOUT THE AUTHOR

...view details