অসম

assam

ETV Bharat / state

ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ - মনোনয়ন পত্ৰ দাখিল প্ৰাক্তন বি পি এফ নেতা, ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীৰ

সোমবাৰে অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া দুলাল চন্দ্ৰ পেগুৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন বি পি এফ নেতা, ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰয়ে ।

বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ
বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

By

Published : Feb 15, 2021, 3:48 PM IST

Updated : Feb 15, 2021, 5:19 PM IST

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: চতুৰ্থবাৰলৈ ৰাজ্যসভাৰ সাংসদ হৈ যোৱাৰ মানসেৰে সোমবাৰে মনোনয়ন দাখিল কৰিলে ন-বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে । অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া দুলাল চন্দ্ৰ পেগুৰ হাতত সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাক্তন বি পি এফ নেতাগৰাকীয়ে ।

মনোনয়ন দাখিলৰ সময়ত তেওঁক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী আদিয়ে ।

ৰাজ্যসভা নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিশ্বজিৎ দৈমাৰীৰ

উল্লেখযোগ্য যে, বিগত নৱেম্বৰ মাহত বি পি এফ ত্যাগ কৰি বিজেপিত যোগ দিছিল বিশ্বজিৎ দৈমাৰীয়ে । সেই সময়তে সাংবিধানিক বিধি অনুসৰি তেওঁ সাংসদ পদো ত্যাগ কৰিবলগীয়া হৈছিল । ফলত ৰাজ্যসভাত খালি হৈছিল অসমৰ এখন আসন ।

সেই আসনখনতেই পুনৰ ৰাজ্যসভাত বহিবলৈ ওলাইছে বিশ্বজিৎ দৈমাৰী । পাৰ্থক্য মাথো এটাই, এইবাৰ তেওঁ বি পি এফৰ পৰিৱৰ্তে বিজেপিৰ সাংসদ হিচাপেহে ৰাজ্যসভালৈ যাব । ৰাজ্যসভাৰ এই আসনখনৰ বাবে ১ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ১৮ ফেব্ৰুৱাৰী ।

লগতে পঢ়ক: নগাঁৱত উপস্থিত নিৰ্বাচন আয়োগৰ সঞ্চালক প্ৰধান

Last Updated : Feb 15, 2021, 5:19 PM IST

ABOUT THE AUTHOR

...view details