নিউজ ডেস্ক,22 নৱেম্বৰ:পূৰ্ব পৰিকল্পনা অনুসৰি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিপিএফ নেতা ইমানুৱেল মুছাহাৰীয়ে দেওবাৰে যোগদান কৰিলে বিজেপিত ৷ দৈমাৰীয়ে গেৰুৱা বসন পৰিধান কৰাৰ পূৰ্বে শনিবাৰে সংবাদমেলযোগে সাংসদ পদৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে ৷ অৱধাৰিতভাৱে দৈমাৰীয়ে দেওবাৰে মহানগৰীৰ উজান বজাৰস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে ৷ এতিয়াৰে পৰা বিজেপিয়ে যি দায়িত্ব দিয়ে সেই দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিব প্ৰাক্তন সাংসদগৰাকীয়ে ।
উল্লেখ্য যে, দৈমাৰীয়ে শনিবাৰে সম্বোধন কৰা সংবাদমেলখনত সমাগত বিটিচি নিৰ্বাচনত বিপিএফ দলে শোচনীয় পৰাজয় বৰণ কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা মমিনুল আৱাল আদি ৷ মুখ্যমন্ত্ৰীয়ে দুয়োগৰাকী নেতাক গামোচা আৰু দলীয় প্ৰতীক পিন্ধাই দলটোলৈ আদৰণি জনায় ৷