গুৱাহাটী, ৩ জুলাইঃ আজি বিশ্ব পক্ষী দিৱস । উক্ত দিৱসৰ লগত সংগতি ৰাখি অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটীস্থিত চিৰিয়াখানাৰ প্ৰাংগণত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান । অনুষ্ঠানত DFO তেজস্ব মৰিচ স্বামী উপস্থিত থাকি চিৰিয়াখানালৈ আহিব লগা বহু নতুন পক্ষীৰ কথা জানিবলৈ দিয়ে । তাৰ ভিতৰত অন্যতম হ'ল বলু আৰু সোণালী ৰঙৰ মাকাও চৰাই । ইয়াৰ লগতে ত্ৰিশ বছৰৰ পূৰ্বে অনা পক্ষীৰ বংশ বৃদ্ধি হোৱাৰ কথাও অৱগত কৰে DFO গৰাকীয়ে । ইয়াৰোপৰি অসম ৰাজ্যিক পক্ষী সুৰক্ষা সমিতিয়ে পক্ষী সুৰক্ষাৰ ক্ষেত্ৰত আৰু অধিক কাম কৰি যাব বুলি জানিবলৈ দিয়ে ।
বিশ্ব পক্ষী দিৱসৰ দিনটোতেই ভাল খবৰ আহিছে চিৰিয়াখানাৰ পৰা - etv bharat
ৰাজ্যিক চিৰিয়াখানালৈ আহি আছে বলু আৰু সোণালী ৰঙৰ মাকাও চৰাইৰ দৰে বহু লুপ্তপ্ৰায় পক্ষী
সপ্তদশ বিশ্ব পক্ষী দিৱস পালন
কিন্তু গোলকীকৰণৰ যুগত লুপ্তপ্ৰায় কিমান সংখ্যক পক্ষী ৰাজ্যিক চিৰিয়াখানাত বৰ্তমান সুৰক্ষিত অৱস্থাত আছে সেয়া অতি গুৰুত্বপূৰ্ণ ।