গুৱাহাটী, ২৭ এপ্ৰিল :বহুতে ভাবি থকাৰ দৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ সভাতেই (PM Modi rally at Dibrugarh) গেৰুৱা বসন পিন্ধিব নোৱাৰিব বিস্মিতা গগৈয়ে । ইতিমধ্যে কংগ্ৰেছৰ সংগ ত্যাগ কৰা প্ৰাক্তন মন্ত্ৰী, খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগ দিয়াতো নিশ্চিত হৈছে ।
কংগ্ৰেছ আৰু বিজেপি উভয় দলৰে বাহিৰে-ভিতৰে যোৱা কিছুদিন ধৰি চলিছে বিস্মিতা গগৈক লৈ সৰৱ চৰ্চা । চৰ্চা এইবুলিও চলিছে যে, বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিতে এইগৰাকী প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেত্ৰীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ।
কিন্তু বিজেপিৰ শীৰ্ষ সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তেওঁ বিজেপিত যোগ দিয়াটো সম্ভৱ নহ'ব । যিহেতু প্ৰধানমন্ত্ৰীৰ এই ডিব্ৰুগড় ভ্ৰমণ (PM Modi Assam visit) হৈছে সম্পূৰ্ণ এক চৰকাৰী কাৰ্যসূচী । গতিকে যোগদানৰ কামফেৰা চৰকাৰী কাৰ্যসূচীত নহ'ব ।
আনহাতে, বিস্মিতা গগৈৰ সম্ভাব্য বিজেপি গমনক লৈ বিজেপিৰ ভিতৰচ'ৰাতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু মুখ খুলি কোনেও একো ক'ব নোখোজে । দলৰ ভিতৰত এই বুলিও চৰ্চা চলিছে যে থাওৰাত কুশল দুৱৰীক একাষৰীয়া কৰি যিদৰে কংগ্ৰেছৰ পৰা লৈ গৈ সুশান্ত বৰগোঁহাইক বিধায়ক পদত সংস্থাপিত কৰা হ'ল, ঠিক তেনেকুৱাই পৰিস্থিতি হ'ব পাৰে খুমটাইত । খুমটাইৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হিচাপে জয়ী হৈ অহা মৃণাল শইকীয়াৰ সম্পৰ্ক সম্প্ৰতি মুখ্যমন্ত্ৰীৰ সৈতে খুব ভাল নহয় ।