গুৱাহাটী, 8 মে': গুৱাহাটী মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত এতিয়া ধাৰাবাহিকভাৱে চলিছে চোৰৰ চাফাই অভিযান ৷ বিশেষকৈ উজানবজাৰৰ হাই ছিকিউৰিটি জ'নত দুটা দিনৰ ভিতৰতে দুটাকৈ মন্দিৰত সংঘটিত হৈছে চুৰিকাণ্ড ৷ কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰীৰ বাসভৱনৰ নিচেই সমীপতে থকা হনুমান মন্দিৰতো চোৰে চলায় লুটপাত ৷
উজানবজাৰৰ হনুমান মন্দৰিত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য - etv bharat
চুৰি হোৱা মন্দিৰ সমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সদস্য সকলে
![উজানবজাৰৰ হনুমান মন্দৰিত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3227883-thumbnail-3x2-bh.jpg)
চুৰি হোৱা মন্দিৰত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য
চুৰি হোৱা মন্দিৰত উপস্থিত বিশ্ব হিন্দু পৰিষদৰ সদস্য
এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে গধুলি বিশ্ব হিন্দু পৰিষদৰ বহুকেইগৰাকী বিষয়ববীয়া মন্দিৰটোত উপস্থিত হৈ চুৰিৰ ঘটনাৰ বুজ লোৱাৰ লগতে উজান বজাৰস্থিত শ্ৰী শ্ৰী হনুমান মন্দিৰতো উপস্থিত হয় বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ সভাপতি ডাঃ ও মুনিন্দ ডেকা আৰু উপ-সভাপতি শ্ৰী লক্ষী দত্ত ৷