নিউজ ডেস্ক, 31 জানুৱাৰীঃআৰম্ভ কৰিবলৈ সহজ যদিও তেওঁক কথা কৈ শেষ কৰিবলৈ টান ৷ অসমৰ জাতীয় জীৱনৰ প্ৰতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অপৰিসীম ৷ একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ , বিপ্লৱী , ৰাজনীতিজ্ঞ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি জন্মদিন ৷ সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন সমান্তৰালভাৱে বৰ্তাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উজলাই তুলিছিল মহান শিল্পীগৰাকীয়ে ৷
১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত জন্ম হয় বিষ্ণু প্ৰসাদ ৰাভাৰ ৷ তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী । জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল । পাছলৈ তেখেতে সেয়ে গ্ৰহণ কৰে 'ৰাভা' উপাধি । ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল ৰাভাক 'ৰায়বাহাদুৰ' উপাধি প্ৰদান কৰা হৈছিল ।
সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিন - Bishnu prashad Rabha
একাধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ , বিপ্লৱী , ৰাজনীতিজ্ঞ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আজি জন্মদিন ৷ সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন সমান্তৰালভাৱে বৰ্তাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উজলাই তুলিছিল মহান শিল্পীগৰাকীয়ে ৷
বিষ্ণুপ্ৰসাদ ৰাভাই সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল । কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয় । তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে তেওঁ কলকাতালৈ যায় । তাৰ পাছত ১৯২৯ চনত ঢাকা কাৰমাইকেল কলেজত নামভৰ্তি কৰে । আই.এচ.চি. উত্তীৰ্ণ হৈ তেওঁ পিছত `ৰিপন কলেজ'ত নাম লগায় । পঢ়ি থকা সময়ত তেখেত ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগ দিয়ে । কিন্তু চোৰাংচোৱা পুলিচ ৰাভাৰ পাছত লগাত তেওঁ কলিকতাৰ পঢ়া এৰি কোচবিহাৰলৈ আহে আৰু 'ভিক্টোৰিয়া কলেজ'ত নাম লগায় কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে । ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত তেওঁ পঢ়া আধাতে এৰি দি ১৯৩১ চনত নিজ গৃহলৈ ঘূৰি আহে । এনেদৰে আৰম্ভ হয় তেওঁৰ সংগ্ৰামী জীৱন ৷
ইফালে বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল । তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত ,সোণপাহী,মিচিং কনেং,গেঙনি ৰেঙনি,অসমীয়া কৃষ্টিৰ চমু আভাস,অতীত অসম,মুক্তি দেউল,মামীৰ হাৰ,কুৰি বছৰ জেইল,জাল কেছ,হিয়াৰ পুং,জাল কেছ,হিয়াৰ পুং,ফুংকা (বড়ো ভাষাত ৰচিত) ইত্যাদি উল্লেখনীয় ৷ৰংপুৰ কলেজত পঢ়ি থকা সময়তে বিষ্ণুপ্ৰসাদ ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ লিখিছিল ৷১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল।১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰাণসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক প্ৰদান কৰে 'কলাগুৰু' উপাধি ।