গুৱাহাটী, ২১ আগষ্ট : পুতলাই প্ৰাণ পালে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৷ প্ৰাণ পালে বিষ্ণুপ্ৰসাদ ৰাভাই ৷ ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ সৌজন্যত গুৱাহাটীৰ অন্যতম শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান সুৰজিৎ একাডেমীৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এখন পুতলা নাচ মঞ্চস্থ কৰা হয় ।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল'শ্বিপপ্ৰাপ্ত তথা নাট্যকাৰ আৰু পৰিচালক সীমান্ত শৰ্মাৰ ৰচিত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ গৱেষণা জলপানি প্ৰাপ্ত তথা এণ.চি.ই.আৰ.টি, চি.চি.আৰ.টি, এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি বিনীতা দেৱীৰ পৰিচালনাত "বিষ্ণু প্ৰসাদ ৰাভা" পুতলা নাচৰ সফল মঞ্চায়নে সকলোকে অভিভূত কৰি তোলে । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কিদৰে জনগণক জাগ্ৰত কৰিছিল সেয়া দেখুওৱা হৈছে ৷
কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক বিষ্ণু প্ৰসাদ ৰাভাই । সকলো জাতি-উপজাতি, ধনী-দুখীয়া সকলোকে একত্ৰিত কৰি কিদৰে জাগ্ৰত কৰা হৈছিল স্বাধীনতা আন্দোলনত তাক সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাটখনত । সংগীত-নৃত্য-নাটক আদিৰেও শত্ৰু পক্ষক দমন কৰাৰ যি এক ধাৰা তাক পুতলা নাটত সুন্দৰভাৱে দাঙি ধৰিছে । নিজৰ আই অসমীৰ প্ৰতি সন্মান ৰাখি একত্ৰিত কৰিছিল তেওঁ সকলো শ্ৰেণীক ।
অসুস্থ দেহাৰেও নিজৰ মাটি, ভেটিত খামুচি ধৰি ৰাখিবলৈ আহ্বান কৰিছিল অসমৰ জনগণক । "বিষ্ণু প্ৰসাদ ৰাভা" পুতলা নাচত সুন্দৰভাৱে বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনজোৰা এই সকলো কথা-কাৰ্যই দাঙি ধৰিছে । উক্ত পুতলা নাচ ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিৱেশন কৰা হয় । সূত্ৰধাৰৰ উপস্থাপনে নাটখনত এক মহানতম কাৰ্য উপস্থাপন কৰিছে । সম্পূৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাটত দেখুওৱাৰ দৰে সূত্ৰধাৰৰ সাজ সজ্জাৰে পুতলা নাটখন আকৰ্ষিত কৰাৰ লগতে এই পুতলা নাচে হৃদয়ংগম কৰিছে দৰ্শকক ।
পুতলা নাচত পৰিৱেশন কৰা পুতলাসমূহৰ সঞ্চালনত কোনো জড়তা পৰিলক্ষিত হোৱা নাই । মানৱৰ জৰিয়তে নাটখন পৰিৱেশন কৰা যেন দৰ্শকে অনুভৱ কৰিছিল । প্ৰতিটো দৃশ্যই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি গৈছিল । বিনীতা দেৱী আৰু সীমান্ত শৰ্মাৰ প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি "বিষ্ণু প্ৰসাদ ৰাভা" পুতলা নাটখনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে । সন্মানীয় অতিথিসকলে নাটখন দেখি অভিভূত হৈ পৰে । নাটখনত পুতলাসমূহ সঞ্চালন কৰা বেছি সংখ্যকেই আছিল শিশু ।
শিশুক অসমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰি সফল মঞ্চায়ন কৰাটো অতি কঠিন । সেইয়াও বিনীতা দেৱীয়ে দৰ্শকৰ আগত সম্ভৱ কৰি তুলিছিল । পুতলা নাটকৰ সফল মঞ্চায়নে সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব বুলি দাবী কৰিব পাৰি ৷ পুতলা নাচৰ শেষত সংগীত শিল্পী দীপা মহন্তৰ জৰিয়তে পুতলা সঞ্চালন কৰা শিল্পীসকলে প্ৰাৰ্থনা পৰিৱেশন কৰে ।
ইতিমধ্যে এই নাটখনে বিনীতা দেৱীৰ পৰিচালনাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰসমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি সমাদৰো লাভ কৰিছে । অনুষ্ঠানত অতিথি হিচাপে থাকে লোক কলাবিদ-শিক্ষাবিদ তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ অনিল শইকীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড৹ জগদীশ পাটগিৰি, অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জেষ্ঠ অধ্যাপক শিক্ষাবিদ ড৹ হৰেন্দ্ৰ বৰা আৰু দমদমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক শিক্ষাবিদ ড৹ বিৰাজ দাস ।
অভিনেতা তথা সাংবাদিক ৰূপক বৈশ্যই আঁত ধৰা পুতলা নাচৰ পুতলাসমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, পলক কৈৰী, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, অংগৰাগ মহন্ত, কৌস্তাভ চৌধুৰী, তৃষ্ণা কলিতাই, প্ৰতিক্ষ্যা বৰুৱা, অংকুৰ দাস আৰু লনী কাকতিয়ে । পুতলা নাটখনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ । "বিষ্ণু ৰাভা" নাটখনৰ সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ ।
লগতে পঢ়ক :Maligaon flyover Inauguration:৩০ আগষ্টত মুকলি হ’ব মালিগাঁৱৰ উৰণ সেঁতু, বিদুৎস্পৃষ্ট হৈ আহত দুজন শ্ৰমিক