গুৱাহাটী,30 মাৰ্চঃলক ডাউনৰ মাজতে মহানগৰীৰ গোসাঁইগাঁও ৰাইজৰ প্ৰতিবাদ । চানৰাইজ বিস্কুট কোম্পানী খোলা ৰখাৰ বাবেই এনেদৰেই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ ৰাইজে । যি সময়ত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলোকে নিজৰ নিজৰ ঘৰত অৱস্থান কৰিবলৈ সকলোকে চৰকাৰে নিৰ্দেশ দিছে, তেনে সময়ত এই বিস্কুট কোম্পানীত শ শ কৰ্মচাৰীৰ দ্বাৰা কাম সমাপন কৰি আছে । ৰাইজে এই অভিযোগ তুলি কোম্পানীটো বন্ধ ৰখাৰ দাবী জনায় ।
লক ডাউনৰ মাজত বিস্কুট কোম্পানী খোলাক লৈ উত্তেজনা - লক ডাউনৰ মাজতে মহানগৰীৰ গোসাঁইগাঁৱত ৰাইজৰ প্ৰতিবাদ
লক ডাউনৰ মাজতে মহানগৰীৰ গোসাঁইগাঁৱত ৰাইজৰ প্ৰতিবাদ ৷ চানৰাইজ বিস্কুট কোম্পানী খোলা ৰখাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে ৷
![লক ডাউনৰ মাজত বিস্কুট কোম্পানী খোলাক লৈ উত্তেজনা biscuit-company-open-in-lock-down-days](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6598392-thumbnail-3x2-a.jpg)
লক ডাউনৰ মাজত বিস্কুট কোম্পানী খোলাক লৈ উত্তেজনা
লক ডাউনৰ মাজত বিস্কুট কোম্পানী খোলাক লৈ উত্তেজনা
জিলা প্ৰশাসনৰ অনুমতি আছে যদিও ৰাইজে কোম্পানীটো অতিশীঘ্ৰে বন্ধ কৰিবলৈ প্ৰশাসনক দাবী জনায় ৷ বহিঃৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰী কোম্পানীটোত কৰ্মৰত হৈ থকাৰো অভিযোগ স্থানীয় ৰাইজৰ ।
লগতে পঢ়কঃলক ডাউনঃ চৰকাৰলৈ কাতৰ অনুৰোধ জুৰীয়াবাসীৰ