নিউজ ডেস্ক, 17 অক্টোবৰ : ‘The Assam Tribune’ বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা ৰাধা গোবিন্দ বৰুৱা(Radha Govinda Baruah)ৰ আজি জন্মদিন ৷ 1900 চনৰ আজিৰ দিনটোত জন্মগ্ৰহণ কৰা ৰাধা গোবিন্দ বৰুৱাই 1939 চনত ‘দ্যা আসাম ট্ৰিবিউন’(The Assam Tribune)ৰ জন্ম দিছিল ৷
পৰৱৰ্তী সময়ত তেওঁৰ তত্বাৱধানত 1965 চনত অসমীয়া বাতৰি কাকত ‘দৈনিক অসম’(Dainik Asam) আৰু সাপ্তাহিক কাকত ‘অসম বাণী’(Asom Bani)য়ে প্ৰতিষ্ঠা লাভ কৰে ৷ সংবাদ মাধ্যমৰ উপৰিও এগৰাকী ক্ৰীড়া সংগঠক হিচাপে কাম কৰিছিল ৰাধা গোবিন্দ বৰুৱাই ৷ তেওঁ এটা দশকজুৰি ‘অসম ক্ৰিকেট সন্থা’(Assam Cricket Association)ৰ সভাপতি পদত অধিষ্ঠিত আছিল ৷
তদুপৰি ‘গুৱাহাটী আন্তঃষ্টেডিয়াম’, ‘অসম সংগীত সন্মিলনী’ আৰু ’গুৱাহাটী উৰণ সংঘ’ৰ প্ৰতিষ্ঠাতো আগভাগ লৈছিল বৰুৱাই ৷ এগৰাকী সমাজ সেৱক ৰূপেও তেওঁ অসমীয়া সমাজত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে ৷ আনহাতে, অসমীয়াৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে গুৱাহাটীৰ এখন মহাবিদ্যালয় ‘ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়’ নামেৰে নামাকৰণ কৰা হয় ৷