গুৱাহাটী, ২৬ অক্টোবৰ: বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী (400th birth anniversary of Bir Lachit Borphukan) উপলক্ষ্যে বুধবাৰে অসম চৰকাৰে মুকলি কৰে লাচিত বৰফুকন এপ আৰু ৱেব প'ৰ্টেল (Lachit Borphukan App and Web Portal) । ইয়াৰ যোগেদি প্ৰত্যেকেই লাচিত বৰফুকনৰ বিষয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰিব । লিখিব পাৰিব লাচিত বৰফুকনৰ বীৰত্ব-দেশপ্ৰেম আৰু অৱদানৰ বিষয়ে । এই মন্তব্য় মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
১৮ নবেম্বৰত আৰম্ভ লাচিত বৰফুকনৰ জন্ম জয়ন্তী বুধবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত লাচিত বৰফুকন এপ আৰু প'ৰ্টেল মুকলি কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM launched Lachit Borphukan portal)। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে ৰাজ্য চৰকাৰে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে ।
১৮ নবেম্বৰত আৰম্ভ লাচিত বৰফুকনৰ জন্ম জয়ন্তী মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইতিমধ্যে যোৱা ২৫ ফেব্ৰুবাৰীত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (Former President Ram Nath Kovind)। এই কাৰ্যসূচীৰ অংশ স্বৰূপে আজি লাচিত বৰফুকন এপ আৰু প'ৰ্টেল মুকলি কৰা হয় । এই এপ আৰু প'ৰ্টেলত সকলোৱে লাচিত বৰফুনৰ বিষয়ে লিখি আপলোড কৰিব পাৰিব । কাগজত লিখি নাইবা প্ৰত্যক্ষভাৱে লিখি আপলোড কৰাৰ ব্যৱস্থা কৰা হৈছে । যিকোনো ভাষাতে বীৰ লাচিত বৰফুকনৰ বিষয়ে লিখিব পাৰিব । ইয়াৰ বাবে প্ৰত্যককে অসম চৰকাৰৰ তৰফৰ পৰা স্বীকৃতি পত্র দিয়া হ'ব ।
মুখ্যমন্ত্রী ড৹ শৰ্মাই লগতে কয় যে এপ আৰু প'ৰ্টেলৰ উপৰি ৰাজ্যজুৰি এক কোটি প্ৰি-ফ'ৰমেটেড ফিজিকেল বুকলেট (Pre Formatted Physical Booklet) বিতৰণ কৰা হ'ব । জিলা উপায়ুক্তসকলে এইবোৰ বিতৰণ কৰি সংগ্ৰহৰ ব্যৱস্থা কৰিব । এই বুকলেটৰ যোগেদিও লাচিত বৰফুকনৰ বিষয়ে সকলোৱে লিখিব পাৰিব আৰু পৰৱৰ্তী সময়ত লিখনিসমূহ এপ আৰু প'ৰ্টেলত আপলোড কৰা হ'ব ।
১৮ নবেম্বৰত আৰম্ভ লাচিত বৰফুকনৰ জন্ম জয়ন্তী আনহাতে, প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে লাচিত বৰফুকনৰ বিষয়ে ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু বিদ্যালয় পৰ্যায়তে পুৰস্কাৰ দিয়া হ'ব বুলিও তেওঁ কয় । সেইদৰে ৰচনা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাসকলৰ ৰচনা সমূহ এপ আৰু প'ৰ্টেলত আপলোড কৰা হ'ব যাতে ভৱিষ্যতে তেওঁলোকে নিজৰ লেখা চাব পাৰে । শিক্ষানুষ্ঠান পৰ্যায়ত হোৱা ৰচনা প্ৰতিযোগিতা জিলা আৰু শেষত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'ব ।
মুখ্যমন্ত্রীয়ে লগতে কয় যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী ১৮ নবেম্বৰত প্ৰতিখন জিলাত অসম আৰক্ষীৰ মাৰ্চপাষ্টৰ দ্বাৰা আৰম্ভ হ'ব । তদুপৰি জিলা উপায়ুক্তসকলে জিলা ভিত্তিত বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ।
অহা ২৩ নবেম্বৰ আৰু ২৪ নবেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত (Vigyan Bhawan in New Delhi) দুদিনীয়া কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হ'ব । এই কাৰ্যসূচীত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi) আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে অংশ ল'ব বুলি মুখ্যমন্ত্রীগৰাকীয়ে কয় । দিল্লীত দুখন আন্তৰ্জাতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ'ব ।
আনহাতে, লাচিত বৰফুকনৰ জীৱন-সংগ্ৰামৰ আধাৰত প্ৰণয়ন কৰা এখন গ্ৰন্থ ২৪ নবেম্বৰত উন্মোচন কৰা হ'ব । উক্ত গ্ৰন্থখন উন্মোচন কৰিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে । সেইদৰে লাচিত বৰফুকনৰ ওপৰত নিৰ্মাণ কৰা এখন তথ্যচিত্র ২৩ নবেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে মুকলি কৰিব । এই তথ্যচিত্রখন ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় চেনেলত সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে কয় । তেওঁ পুনৰ কয় যে আলাবৈ ৰণৰ সমাধিস্থলৰ (Battle of Alabai) কাম দুমাহৰ ভিতৰত আৰম্ভ কৰা হ'ব । লাচিত বৰফুকনৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আন কেইবাটাও পদক্ষেপৰ বিষয়ে ২৪ নবেম্বৰত ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে কয় ।
আনহাতে, বুৰঞ্জীৰ ২০০ গৰাকী শিক্ষাৰ্থীক ২৪ নবেম্বৰত দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে । এই বিষয়ে মুখ্যমন্ত্রীয়ে সদৰী কৰি লগতে কয় যে আজি মুকলি কৰা এপ আৰু প'ৰ্টেল চৰকাৰৰ নিৰীক্ষণত থাকিব আৰু কোনোবাই বেআইনী কাম কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । সংবাদমেলত মন্ত্রী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, নন্দিতা গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম চৰকাৰৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থাকে ।
লগতে পঢ়ক:Closure of regional news from AIR Dibrugarh: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি বন্ধ কৰাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ