অসম

assam

ETV Bharat / state

Good Governance Day 2022 : ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সুশাসন দিৱস উদযাপন - Crime statistic in Assam 2022

ভূতপূৰ্ব প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে অসমতো আজি পালন কৰা হয় সুশাসন দিৱস ৷ অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত(Assam BJP office) অনুষ্ঠিত কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ বিকাশৰ ক্ষেত্ৰত লোৱা সিদ্ধান্ত ইতিহাসে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (CM Himanta Biswa Sarma)৷

Sushasan Divas at BJP office
সুশাসন দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 25, 2022, 6:38 PM IST

সুশাসন দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 25 ডিচেম্বৰ : আজি ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৮ সংখ্যক জন্মজয়ন্তী ৷ সমগ্ৰ দেশে সশ্ৰদ্ধ সোঁৱৰণ কৰিছে সুবক্তা, কবি হিচাবেও পৰিচিত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ৷ দেশৰ ভিন্ন প্ৰান্তৰ দৰে অসমতো অটল বিহাৰী বাজপেয়ীৰ জন্মজয়ন্তী উদযাপন কৰি সোঁৱৰণ কৰা হৈছে তেখেতৰ অৱদানসমূহক (Atal Bihari Vajpayee birth anniversary)৷

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম দিনটো দেশবাসীয়ে সুশাসন দিৱস হিচাবে পালন কৰি আহিছে (Birth anniversary of Atal Bihari Vajpayee)৷ দেশৰ আন আন প্ৰান্তৰ দৰে অসম ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়তো আজি উদযাপন কৰা হয় ‘সুশাসন দিৱস’ (Good Governance Day) । উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা মত বিনিময়ত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে ভাৰতীয় ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ আছিল অটল বিহাৰী বাজপেয়ী ৷

কেৱল ৰাজনৈতিক ব্যক্তি হিচাবেই নহয়, ব্যক্তিগতভাৱেও অটল বিহাৰী বাজপেয়ী সকলোৰে মাজত পৰিচিত আছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ভাৰতৰ লগতে উত্তৰ-পূবৰ উন্নয়নৰ বাবে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব উন্নয়ন বিভাগেই হওক অথবা কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ 10 শতাংশ পূঁজি উত্তৰ-পূবত বিনিয়োগ কৰাৰ সিদ্ধান্তৰ লগতে উত্তৰ-পূবৰ দীৰ্যম্যাদী বিকাশৰ বাবে অটল বিহাৰী বাজপেয়ীয়ে লোৱা সিদ্ধান্ত ইতিহাসে সদায় মনত ৰাখিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Atal Bihari Vajpayee contribution to North East)৷

ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগতে অসমবাসীৰ হৈ প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীলৈ জন্মজয়ন্তীৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সুশাসন দিৱসৰ(Sushasan Divas) কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সমাগত নৱবৰ্ষৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসনে লোৱা বিশেষ ব্যৱস্থাৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৷ বিগত বৰ্ষসমূহৰ তুলনাত এইবৰ্ষত দুৰ্ঘটনাৰ সংখ্যা কৰিছে যদিও মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰা ধৰণেৰে কমা নাই বুলিও উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে, সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ সময়ত নাটক কৰিছে ৷ সুৰাপায়ী চালকক সোধপোছ কৰাৰ সময়ত সাংবাদিকক মাতি আনি নাটক কৰা বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ৰাজ্যত যোৱা মাহত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত এটা সপ্তাহত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে (Crime statistic in Assam 2022)৷

লগতে পঢ়ক:Atal Bihari Bhind connection : ভিন্দ আৰু গোহাড়ৰ সৈতে অটল বিহাৰী বাজপেয়ীৰ সম্পৰ্ক

ABOUT THE AUTHOR

...view details