অসম

assam

ETV Bharat / state

খানাপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত পক্ষী মেলা - Asam Agriculture University

বুধবাৰৰ পৰা খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল পক্ষী মেলা । উত্তৰ- পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা পক্ষী মেলাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পশুপালক আৰু খেতিয়কসকলে অংশগ্ৰহণ কৰে ।

খানাপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ পক্ষী মেলা

By

Published : Oct 18, 2019, 2:33 AM IST

গুৱাহাটী,17 অক্টোবৰঃমহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল পক্ষী মেলা । ৰাজ্যখনত কণী আৰু মাংসৰ ক্ৰমবৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উক্ত মেলাৰ আয়োজন কৰা হৈছে । অসম কৃষি বিশ্ববিদ্যালয় আৰু সদৌ অসম বাণিজ্যিক পক্ষীপালক আৰু ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত ১৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত তিনিদিনীয়াকৈ বাণিজ্যিক পক্ষী মেলা খন আয়োজন কৰা হৈছে । এই মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ কোম্পানী, গৱেষক, উদ্যোগী আৰু প্ৰগতিশীল হাঁহ কুকুৰা পালকে ব্যৱহাৰ কৰিবলৈ লোৱা যন্ত্ৰ-পাতি, দানা, ঔষধ আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি উক্ত মেলাত কুকুৰা পালন, হাঁহ পালনৰ লগতে ভিন্ন প্ৰজাতিৰ চৰাই পালনৰো বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।

খানাপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ পক্ষী মেলা

ABOUT THE AUTHOR

...view details