অসম

assam

ETV Bharat / state

জৰুৰীকালীন অৱস্থাৰ 44 টা বছৰ আৰু এজন সংগ্ৰামীৰ স্মৃতি ৰোমন্থন ! - কাৰাবাসৰ নিৰ্যাতন

২৭ নৱেম্বৰ ১৯৮৮ চনত বিপিন চন্দ্ৰ কলিতাক মেন্টেনেন্স অফ ইন্টাৰনেল চিকিউৰিটি এক্টৰ (মীছা) অধীনত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰায় ১৮ মাহ জেলত থকি বিপিন চন্দ্ৰ কলিতাই ১৯৭৭ চনৰ ২১ মাৰ্চত জেলৰ পৰা জামিনত ওলাই আহে ।  ৪৪টা বছৰৰ পাচতো অতীতৰ শিহৰণকাৰী নিৰ্যাতন কথা পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই ।

কাৰাবাসৰ নিৰ্যাতনৰ কথা এতিয়াও পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই

By

Published : Jun 25, 2019, 3:25 PM IST

Updated : Jun 25, 2019, 7:19 PM IST

গুৱাহাটী, ২৫ জুন :দেশৰ জৰুৰীকালীন অৱস্থাৰ 44 বছৰ ৷ ১৯৭৫ চনৰ ২৫ জুনত দেশৰ ৰাষ্ট্ৰপাতি ফকৰুদ্দিন আলি আহমেদৰ নিৰ্দেশত ঘোষিত এই জৰুৰীকালীন অৱস্থাৰ স্মৃতি এতিয়াও পাহৰিব পৰা নাই একাংশই ৷ তেনে এগৰাকী ব্যক্তি বৈছে বিপিন চন্দ্ৰ কলিতা ৷ দেশত ঘোষিত জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছ বিৰোধী সকলক গ্ৰেপ্তাৰ কৰি হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৷ তাৰেই ভুক্তভূগী আছিল বিপিন চন্দ্ৰ কলিতা ৷ সেই সময়ৰ নলবাৰী কলেজৰ পৰা স্নাতক 25 বছৰীয়া কলিতাই অসমত লোক সংঘৰ্ষ সমিতিৰ হৈ কাম কৰি আছিল ৷ লোক সংঘৰ্ষ সমিতি, ভাৰতীয় জন সংঘকে ধৰি কংগ্ৰেছ বিৰোধী বহু নেতা কৰ্মীক কংগ্ৰেছ চৰকাৰে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

জৰুৰীকালীন অৱস্থাৰ 44 টা বছৰ আৰু এজন সংগ্ৰামীৰ স্মৃতি ৰোমন্থন !

১৯৯৫ চনৰ ২৩ নম্বৰত গুৱাহাটী আৰক্ষীয়ে বিপিন চন্দ্ৰ কলিতা ওৰফে বিপিন বিহাৰীক গ্ৰেপ্তাৰ কৰি লতাশিল থানালৈ লৈ যায় । আৰু সেই সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱব্ৰত চৌধুৰীয়ে লতাশিল থানাত জেৰাৰ নামত চাৰি দিন বিপিন চন্দ্ৰ কলিতা , হাৰেকৃষ্ণ তাপদাৰ, হাৰিচৰণ কলিতা, চন্দ্ৰ কান্ত মহন্তকে ধৰি বহু কেইজন লোকক গুৰুলা-গুৰুল কৈ প্ৰহাৰ কৰিছিল । যাৰ ফলত হাৰিচৰণ কলিতা নামৰ শিক্ষক জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । কিন্তু ইমানতে ক্ষান্ত নাথাকি আৰক্ষী অধীক্ষক গৰাকীয়ে বিপিন চন্দ্ৰ কলিতাৰ লগত গ্ৰেপ্তাৰ হোৱা সকলোকে আঙুলিত বেজিৰে বিন্ধি অকথ্য নিৰ্যাতন চলাইছিল ।

২৭ নৱেম্বৰ ১৯৮৮ চনত বিপিন চন্দ্ৰ কলিতাক মেন্টেনেন্স অফ ইন্টাৰনেল চিকিউৰিটি এক্টৰ (মীছা) অধীনত গ্ৰেপ্তাৰ কৰি গুৱাহাটী কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । প্ৰায় ১৮ মাহ জেলত থকি বিপিন চন্দ্ৰ কলিতাই ১৯৭৭ চনৰ ২১ মাৰ্চত জেলৰ পৰা জামিনত ওলাই আহে । ৪৪টা বছৰৰ পাচতো অতীতৰ শিহৰণকাৰী নিৰ্যাতন কথা পাহৰিব পৰা নাই বিপিন চন্দ্ৰ কলিতাই ।

উল্লেখ্য যে আপাতকালীন সেৱা সময়ত অসমৰ ৩২১, ত্ৰিপুৰাৰ ১৮, মিজোৰামৰ ২ , নাগালেণ্ডৰ ৩, মেঘালয়ৰ ১০, মণিপুৰৰ ১১ লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল ।

Last Updated : Jun 25, 2019, 7:19 PM IST

ABOUT THE AUTHOR

...view details