চিলনী চোৰে থপিয়াই নিলে মহিলাৰ বেগ গুৱাহাটী, 25 মে’ :আজিৰ দিনটো বিশেষ, বহুতৰ বাবে বহুত ধৰণে বিশেষ ৷ আজি ৰাজ্যৰ যুৱচামে নিজৰ সপোন পূৰণৰ প্ৰথমটি খোজ দিব ৷ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয়মন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ 45 হাজাৰ নিৱনুৱা যুৱক-যুৱতীয়ে ল’ব নিযুক্তি পত্ৰ ৷ সদ্য ঘোষিত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব আজি চৰকাৰে ৷ উক্ত বিশেষ দিনটোৰ বাবে অসমলৈ আহিছে গৃহমন্ত্ৰী অমিত শ্বাহ ৷
অমিত শ্বাহৰ আগমণৰ বাবে গুৱাহাটী মহানগৰীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ৷ কিন্তু তাৰ মাজতে মহানগৰীত সংঘটিত হ’ল এক চুৰিকাণ্ড ৷ চিলনী চোৰে ৰাস্তাত খোজকাঢ়ি গৈ থকা মহিলাৰ পৰা টানি লৈ মানিবেগ ৷ মহিলাগৰাকীয়ে মানিবেগটো ক্ৰছকৈ পিন্ধি আছিল বুলি জানিব পৰা গৈছে (Bike rider snatch a purse from a lady) ৷
লগতে পঢ়ক :SI Junmoni Rabha Death: নিলম্বিত হ'ল বিতৰ্কিত আৰক্ষী বিষয়া মনোজ ৰাজবংশী
কালি অৰ্থাৎ বুধবাৰে সন্ধিয়া প্ৰায় 8 মান বজাত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা (Guwahati thief incident) ৷ হাতীগাঁও থানাৰ সমীপতে ঘটে এই ঘটনা ৷ বজাৰলৈ বুলি ওলাই যোৱা মহিলাগৰাকীক পিচফালৰ পৰাই শাৰীৰ আঁচলত টানি বাইকত অহা দুই দুৰ্বৃত্তই তেওঁৰ মানিবেগটো টানি লৈ গুচি যায় ৷ বজাৰৰ পৰা ঘৰলৈ উভতি আহি থাকোতেই এই ঘটনাটো সংঘটিত হয় ৷
নগাঁও ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী নাজৰানা চুলতানা নামৰ মহিলাগৰাকীৰ বেগটোত নগদ প্ৰায় আঢ়ৈ হাজাৰ টকা, ম’বাইল ফোন, ঘৰৰ চাবিকাঠি থকা বুলি জানিব পৰা গৈছে । চিলনী চোৰৰ এই কাণ্ডৰ পিচতে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে হাতীগাঁও আৰক্ষীয়ে ।
উল্লেখ্য যে পূৰ্বেও হাতীগাঁওৰ এই স্থানত সংঘটিত হৈছে চুৰি-ডকাইতিৰ দৰে অপৰাধ জনিত ঘটনা । এনেধৰণৰ ঘটনাসমূহ ৰোধ কৰিবলৈ হাতীগাঁও আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ।
লগতে পঢ়ক :AJP on Junmoni Rabha case: অসম আৰক্ষীৰ ভিতৰ চ’ৰা বিশৃংখলতাৰে ভৰপূৰ; অজাপৰ প্ৰতিক্ৰিয়া