নিউজ ডেস্ক , 24 ছেপ্টেম্বৰ : দৰং জিলাৰ গৰুখুঁটিত বৃহস্পতিবাৰে সংঘটিত ঘটনাত আৰক্ষীৰ গুলীত ঢলি পৰা এজন প্ৰতিবাদকাৰীৰ ওপৰত হিংসাত্মক আচৰণ কৰাৰ অভিযোগত আটক হোৱা কেমেৰামেন বিজয় বনিয়াক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে সংঘটিত এই ঘটনাৰ ভিডিঅ' সংবাদ তথা সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে ভিন্নজনৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী উপস্থিত থকাৰ পাচতো এজন নাগৰিকৰ ওপৰত এনেধৰণৰ হিংসাত্মক আচৰণ কৰাৰ বাবে সকলোৱে লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল ৷ ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি বৃহস্পতিবাৰে বিজয়ক গ্ৰেপ্তাৰ কৰি চিআইডি(Criminal Investigation Department)ক গটাই দিয়া হয় ৷
ইয়াৰ পাচতে শুকুৰবাৰে ফটোগ্ৰাফাৰ বিজয় বনিয়াক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বিজয় বনিয়াক এজন পেছাদাৰী ফটোগ্ৰাফাৰ বুলি চিনাক্ত কৰা হৈছে ৷ জানিব পৰা মতে, উচ্ছেদ প্ৰক্ৰিয়া নথিভুক্ত কৰিবলৈ দৰং জিলা প্ৰশাসনে বিজয় বনিয়াক নিয়োগ কৰিছিল ৷
উল্লেখ্য যে, অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে নিৰাপত্তা বাহিনীৰ সৈতে প্ৰশাসনৰ এটা দল চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধলপুৰ অঞ্চলত উপস্থিত হৈছিল ৷ প্ৰশাসনৰ অভিযানৰ মাজতে পৰিস্থিতি হিংসাত্মক হৈ পৰে আৰু গুলীচালনাৰ ঘটনাত দুজন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আৰক্ষী কৰ্মীসহ আন কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷ প্ৰশাসনৰ অভিযোগ অনুসৰি, বিগত দুটা দশক ধৰি অঞ্চলটোৰ প্ৰায় ৭৭৪২০ বিঘা চৰকাৰী ভূমি অবৈধভাৱে বেদখল কৰা হৈছে ৷
লগতে পঢ়ক :গৰুখুটিত হিংসাত্মক পৰিস্থিতি: দৰঙত 12 ঘণ্টীয়া বন্ধ