অসম

assam

ETV Bharat / state

সাহিত্য সভাৰ নিৰ্বাচন : সভাপতি পদৰ দৌৰত সাতগৰাকী সাহিত্যিক - Sahitya Sabha elections latest news

মহানগৰীত সংবাদমেল সম্বোধন কৰি অসম সাহিত্য সভাৰ নিৰ্বাচন সম্বন্ধীয় কাম-কাজৰ বিষয়ে অৱগত কৰিলে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ বিজন মহাজনে ৷ সভাপতি পদৰ বাবে সাত গৰাকী,উপ-সভাপতি পদৰ বাবে চাৰি আৰু প্ৰধান সম্পাদক পদৰ বাবে তিনি গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ ৷ 15 ডিচেম্বৰত ঘোষণা কৰা হ'ব ফলাফল ৷

বিজন মহাজনৰ সংবাদমেল

By

Published : Oct 16, 2019, 8:31 PM IST

গুৱাহাটী, 16 অক্টোবৰ : বুধবাৰে মহানগৰীৰ অসম সাহিত্য সভাৰ কাৰ্যালয়ত সাহিত্য সভাৰ নিৰ্বাচন সংক্ৰান্তীয় এখন সংবাদমেল সম্বোধন কৰে সাহিত্য সভাৰ নিৰ্বাচন আয়োগৰ মুখপাত্ৰ বিজন মহাজনে ৷ সংবাদমেলযোগে আগন্তুক 2020-22 বৰ্ষৰ কাৰ্যকালৰ সভাপতি পদৰ বাবে মুঠ সাত গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা বুলি অৱগত কৰে বিজন মহাজনে ৷ সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল ক্ৰমে বসন্ত কুমাৰ গোস্বামী,সূৰ্যকান্ত হাজৰিকা,কৰৱী ডেকা হাজাৰিকা,প্ৰহ্লাদ কুমাৰ তাছা, কুলধৰ শইকীয়া,জয়শ্ৰী গোস্বামী মহন্ত আৰু পখিলা কলিতা ৷ সমান্তৰালকৈ সাহিত্য সভাৰ 2020-22 বৰ্ষৰ কাৰ্যকালৰ উপ-সভাপতি পদৰ বাবে চাৰিগৰাকী আৰু প্ৰধান সম্পাদক পদৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা কথা সংবাদমেল যোগে অৱগত কৰে বিজন মহাজনে ৷

সভাপতি পদৰ দৌৰত সাতগৰাকী সাহিত্যিক

ইপিনে,সাহিত্য সভাৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাচতেই সকলো প্ৰাৰ্থীলৈ সকীয়নি প্ৰদান কৰে নিৰ্বাচন সমিতিয়ে ৷ শপত নামাত যদি কোনো প্ৰাৰ্থীয়ে ভুল তথ্য দাখিল কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ লগতে নিৰ্বাচনী সমিতিক যি প্ৰাৰ্থীয়ে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিব তেনে ব্যক্তিৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে নিৰ্বাচন আয়োগৰ মুখপাত্ৰ গৰাকীয়ে ৷

উল্লেখ্য যে, অহা 1 নৱেম্বৰ পৰা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হ'ব । 10 ডিচেম্বৰ লৈ চলিব সাহিত্য সভাৰ নিৰ্বাচন প্ৰক্ৰিয়া ৷ 15 ডিচেম্বৰত গণনা প্ৰক্ৰিয়া সম্পন্ন কৰিয়েই নিৰ্বাচন আয়োগে ঘোষণা কৰিব বিজয়ী প্ৰাৰ্থীৰ নাম ৷

ABOUT THE AUTHOR

...view details