গুৱাহাটী,১৪ এপ্ৰিল: প্ৰতিবছৰৰ দৰে এইবছৰোম ঢোল-পেঁপাৰ মাতত মুখৰিত হৈ উঠিল মহানগৰীৰ জজ্ খেলপথাৰ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মুকলি বিহুৱে ব'হাগ আনিলে কংক্ৰিটৰ মহানগৰীলৈ ৷ কি ডেকা কি বুঢ়া সকলোৱে এপাক নাচিলে জজ্ খেলপথাৰত ৷
জজ খেলপথাৰত আছুৰ মুকলি বিহু - Guwahati
জজ্ খেলপথাৰৰ পৰাই অসমবাসী ৰাইজলৈ বহাগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে আছুৰ বিষয়ববীয়া আৰু সমুজ্জল কুমাৰ ভট্টচাৰ্যই ৷
![জজ খেলপথাৰত আছুৰ মুকলি বিহু](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3000985-thumbnail-3x2-ghy.jpg)
আছুৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানতে সুদক্ষিণা শৰ্মা সহ ভূপেন হাজৰিকাৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয় ৷ লগতে ভাৰতীয় প্ৰেক্ষাপটত অসমৰ নাম জিলিকাই তোলা ব্যক্তিসকলক এই অনুষ্ঠানতে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠা ৰীমা দাস, পদ্মশ্রী বঁটাৰে বিভূষিত ডাo ইলিয়াছ আলি, উদ্ধৱ ভৰালী সমন্বিতে বহু কেইজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায় আছু উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই ।
জজ্ খেলপথাৰৰ পৰাই অসমবাসী ৰাইজলৈ বহাগ আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে আছুৰ বিষয়ববীয়া আৰু সমুজ্জল কুমাৰ ভট্টচাৰ্যই ৷