অসম

assam

ETV Bharat / state

Bihu programme in Assam: এইবাৰ জেঠত বিহু অনুষ্ঠান পতাৰ অনুমতি নিদিয়ে প্ৰশাসনে; ব’হাগতেই শেষ - এপ্ৰিল শেষ মঞ্চ বিহুও শেষ

এইবছৰ এপ্ৰিল শেষ হ’ল মানে মঞ্চ বিহুও শেষ হ’ল ৷ ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত (no bihu stage functions after Bohag) ৷ সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰি গাঁৱে গাঁৱে বিহু গোৱা ব্যৱস্থাটো আৰম্ভ কৰিব লাগে ৷ বিহু কমিতিসমূহে কমেও ৫০ ঘৰত হুঁচৰি গোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ।

bihu functions in assam
এপ্ৰিল শেষ হ’ল মানে মঞ্চ বিহুও শেষ

By

Published : Apr 12, 2023, 10:19 PM IST

এপ্ৰিল শেষ হ’ল মানে মঞ্চ বিহুও শেষ

গুৱাহাটী, ১২ এপ্ৰিল : এই বছৰৰ পৰা ৩১ ব’হাগৰ পিছত বিহু অনুষ্ঠান পাতিব নোৱাৰিব কোনো বিহু সমিতিয়ে ৷ জেঠ মাহত বিহু অনুষ্ঠান পতাত বাধা দিবৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । যিকোনো কাৰণতে মাহটো শেষ হোৱাৰ পিচত বিহু অনুষ্ঠান পতাৰ অনুমতি নিদিয়ে প্ৰশাসনে ৷ কিন্তু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাত কোনো ধৰণৰ বাধা নাথাকিব । বুধবাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (no bihu stage functions after Bohag) ৷

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিহু সংক্ৰান্তীয় এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ উক্ত অনুষ্ঠানতেই এইবাৰ বিহুৰ বিশ্ব অভিলেখৰ বাবে প্ৰস্তুতি চলাই থকা ৰাজ্য চৰকাৰে অহা বছৰলৈ বিহুত কি কি কৰাৰ পৰিকল্পনা হাতত লৈছে সেয়াও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ জেঠ মাহলৈকে মঞ্চত বিহু পতাক লৈ ৰাজ্যজুৰি সুদীৰ্ঘ কাল বিতৰ্ক আৰু সমালোচনা হৈ আহিছে ৷ এই প্ৰসংগত আজি অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে উপস্থিত ৰাইজক অৱগত কৰোৱাৰ লগতে তেওঁলোকলৈ কিছু বিশেষ আহ্বানো আগবঢ়ায় ৷

জেঠ মাহলৈ মঞ্চত বিহু পতা সকললৈ মুখ্যমন্ত্ৰীৰ আহ্বান, “অসমত প্ৰতিদিনেই সাংস্কৃতিক অনুষ্ঠান হওক ৷ কিন্তু বিহু নামটোৰ অপব্যৱহাৰৰ পৰা আমি আঁতৰি থাকিব লাগে ৷ এপ্ৰিল শেষ হ’ল মানে বিহুও শেষ হ’ল” ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে এইবাৰ জিলা উপায়ুক্ত সকললৈ নিৰ্দেশ দিয়া হৈছে যাতে কোনেও ১ জেঠৰ পৰা কাকো বিহু পাতিবৰ বাবে অনুমতি নিদিয়ে ৷ সাংস্কৃতিক অনুষ্ঠান পাতিব পাৰিব ৷ কিন্তু বিহু নামটোৰ ব্যৱহাৰ কৰিব নোৱাৰিব ৷

2024 ৰ ব’হাগত চৰকাৰীভাৱে পালন হ’ব সাতবিহু, এই ঘোষণা মুখ্যমন্ত্ৰী ৷ এইবাৰৰ বিহু আৰম্ভ নৌহওঁতেই অহা বছৰৰ বিহুৰ পৰিকল্পনা সদৰী কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বিহুক স্বকীয় ৰূপত সংৰক্ষণত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কলাক্ষেত্ৰৰ বিহু সম্পৰ্কীয় অনুষ্ঠানটোত মুখ্যমন্ত্ৰীজনে আজি লগতে ঘোষণা কৰে যে, “গাঁৱে গাঁৱে হুঁচৰি গোৱা ব্যৱস্থাটো বহুলভাৱে আৰম্ভ কৰিব লাগে ৷ বিহু কমিতিসমূহে কমেও ৫০ ঘৰত হুঁচৰি গোৱাৰ ব্যৱস্থা কৰা উচিত ৷ অহা বছৰৰ পৰা চৰকাৰীভাৱে সাতবিহু পালন কৰা হ’ব ৷ যাতে সকলোৱে সাতদিন বিহু পৰম্পৰাৰ সৈতে পালন কৰি পাৰে আৰু উত্তৰ প্ৰজন্মক বিহুৰ স্বকীয় ৰূপটো দেখুৱাই দিব পৰা যায় ” ৷

লগতে পঢ়ক :CM press meet : 11 হাজাৰৰো অধিক বিহুৱা বিহুৱতীলৈ ৰাজ্য চৰকাৰে আগবঢ়াব 25 হাজাৰকৈ টকা

ABOUT THE AUTHOR

...view details