পুনৰ বিকৃতৰূপত উপস্থাপন বিহু গুৱাহাটী, 22 ছেপ্টেম্বৰ : পুনৰ বিহু নাচকলৈ বিতৰ্ক ৷ G-20 ৰ পাছত এইবাৰ গুৱাহাটীত বিহু বিকৃতকৰণ ৷ মহানগৰীৰ ৰেডিছন ব্লুত এক ব্যক্তিগত প্ৰতিষ্ঠানে আয়োজন কৰা অনুষ্ঠানত বিকৃতভাৱে উপস্থাপন অসমৰ স্বাভিমান বিহু নাচ ৷ অনুষ্ঠানত অসমীয়া সাজপাৰ পৰিধান কৰি নাচনীৰ বিহুৰ নামত বিকৃত নাচ প্ৰদৰ্শন ৷ সন্মান হানি কৰিলে বিহু বাদ্যৰো ৷
গ্ৰীণলেম ইণ্ডাষ্ট্ৰীজ নামৰ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানটোয়ে গুৱাহাটীৰ ৰেডিছন ব্লুত পাতিছিল এক অনুষ্ঠান ৷ কলকাতা পৰা নিমন্ত্ৰণ কৰা হৈছিল বিহুৱা দলটো ৷ সামাজিক মাধ্যমত ভাইৰেল হৈছে এই বিহু নাচৰ ভিডিঅ’ ৷ কেইমাহমানৰ পূৰ্বে বিশ্ব দৰবাৰত বিহুক প্ৰতিস্থা কৰা হৈছিল ৷ ৰেকৰ্ড গঢ়িছিল অসমৰ বিহুৱে ৷ তেনে পৰিপ্ৰেক্ষিতত অসমতে অসমৰ বিহুক অপমান কৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে দল-সংগঠন তথা সচেতন মহল ৷
সমগ্র ঘটনাক লৈ জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে ৷ আনহাতে বিহুক অপমান কৰা কাৰ্যক গৰিহণা জনাইছে জালুকবাৰী নাগৰিক কমিটীয়েও ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সকলোৱে ৷ ইফালে আয়োজক কমিটিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীয়ে ৷
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিহু নৃত্যক বহুবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিকৃত কৰি উপস্থাপন কৰা হৈছিল ৷ কিছুদিন পূৰ্বে G-20 শীৰ্ষ সন্মিলনত অংশ ল’বলৈ অহা বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ সন্মুখতো বিহু নাচক বিকৃতভাৱে উপস্থাপন কৰা হৈছিল ৷ অসমতে অসমৰ বিহু নাচক বিকৃত কৰা প্ৰতিষ্ঠান আৰু দলটোৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক :Assam Education Department: অসমৰ বিদ্যালয়ত এইবাৰ ই-টেক্সটবুক, টেলি-ক্লাছৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পৰিকল্পনা শিক্ষা বিভাগৰ