অসম

assam

By

Published : Apr 11, 2021, 2:22 PM IST

ETV Bharat / state

লতাশিলত প্ৰতিবাদত বহিল বিহু সমিতিৰ বিষয়-ববীয়া

দেওবাৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত এছঅ’পি (SOP)ৰ বিৰুদ্ধে প্ৰায় 30 খন বিহু সমিতিৰ প্ৰতিবাদ ৷ বিহু অনুষ্ঠানক লৈ ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰা নীতি-নিয়মৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিহু সমন্বয়ৰক্ষী সমিতি ৷

bihu-committee-protest
বিহু সমিতিৰ প্ৰতিবাদ

গুৱাহাটী,11 এপ্ৰিল : বিহু অনুষ্ঠানক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এছঅ’পি (SOP)ক লৈ দেওবাৰে প্ৰতিবাদ মুখৰ হৈ পৰে বিহু সমন্বয়ৰক্ষী সমিতি ৷ কোনো কাৰণতে এছঅ’পিৰ নিৰ্দেশনা মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে বিহু সমন্বয়ৰক্ষী সমিতিয়ে ৷

উল্লেখ্য যে, ক’ৰণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা, য’ত উল্লেখ আছে বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ কেতবোৰ কঠিন নিয়ম ৷ এছঅ’পিত উল্লেখ কৰা অনুসৰি, বিহু সমিতিসমূহে নিশা 11 বজাৰ পূৰ্বেই বন্ধ কৰিব লাগিব বিহু অনুষ্ঠান ৷

বিহু সমিতিৰ প্ৰতিবাদ

ইয়াৰ সমান্তৰালকৈ অনুষ্ঠানত কিমান সংখ্যক লোক সমবেত হ’ব, তাৰো সঠিক তথ্য দিব লাগিব প্ৰশাসনক৷ সমবেত সকলো দৰ্শকে যাতে ক’ভিডৰ বিধি মানি চলে তাৰ ওপৰত চকু ৰাখিব লাগিব বিহু কমিটিয়ে ৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল যে, বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে অনুষ্ঠানৰ তিনিদিন পূৰ্বেই ক’ভিড পৰীক্ষা কৰাব লাগিব ৷

ৰাজ্যিক স্বাস্থ্য বিভাগে প্ৰকাশ কৰা এনে নীতি-নিয়মক লৈ সৰৱ হৈছে বিহু সমন্বয়ৰক্ষী সমিতি ৷ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত প্ৰায় 30 খন বিহু সমিতিয়ে সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উৰক্ত প্ৰতিবাদত উপস্থিত থাকে প্ৰণৱ গোস্বামী, প্ৰিন্স ফাইজুল হক, অদীপ কুমাৰ ফুকন, কৈলাশ শৰ্মাকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক :অতি বিশ্বস্ত কৰ্মচাৰীয়ে মালিকৰ বুকুত সোধালে কুঠাৰাঘাত !

ABOUT THE AUTHOR

...view details