গুৱাহাটী, 15 এপ্ৰিল : ৰঙালীৰ আনন্দত বিভোৰ ৰাজ্যবাসী ৷ ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰেৰে জীপাল ৰাজ্যৰ আকাশ-বতাহ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাকৈ মহানগৰীৰ পাণ্ডু সদিলাপুৰবাসীয়ে উদযাপন কৰিলে হিয়াৰ আমঠু বিহুটি ৷
মহানগৰীৰ সদিলাপুৰত মুকলি বিহু উদযাপন
খেল-ধেমালি, ৰং-ৰহইচৰ মাজেৰে চেনেহৰ বিহুটি উদযাপন কৰি সদিলাপুৰবাসীয়ে
মুকলি বিহু উদযাপন
সোমবাৰে পুৱাই পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ কৰা হয় মুকলি বিহুৰ দিনজোৰা কাৰ্যসূচী ৷ তাৰ পাচতেই খেল-ধেমালীৰ লগতে বিভিন্ন নৃত্য-গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷