কামৰ মাজতে ঢোল বজাই এপাক নাচিলে গণেশগুৰি আৰক্ষীয়ে - গণেশগুৰি আৰক্ষী
ক'ৰণাৰ আতংকৰ মাজতে অসমীয়াই অনুষ্টুপীয়াকৈ পালন কৰিছে বাপোতি সাহোন ৰঙালী বিহু । ব'হাগ মাহৰ পহিলা দিনটোত লক ডাউনৰ মাজতো ৰীতি নীতি পৰম্পৰা মানি অনুষ্টুপীয়াকৈ পালন কৰিছে ৰঙালী বিহু। গণেশগুৰিত কামৰ মাজতে ঢোল বজাই এপাক নাচিলে কৰ্তব্যৰত আৰক্ষীয়ে ৷
![কামৰ মাজতে ঢোল বজাই এপাক নাচিলে গণেশগুৰি আৰক্ষীয়ে Bihu celebration at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6791863-thumbnail-3x2-a.jpg)
গুৱাহাটী,14 এপ্ৰিলঃগাঁৱৰ বিহুৰ দৰে মহানগৰীৰ বিহু নহ'লেও লক ডাউনৰ সময়ত বিহুটিক উদযাপন কৰাৰ মানসেৰে কৰ্তব্যৰত বিষয়াৰ পৰা আৰম্ভ কৰি ফ্লেটত থকা মহানগৰবাসীয়ে উদযাপন কৰিছে ৰঙালী বিহু। গণেশগুৰিৰ কৰ্তব্যৰত আৰক্ষী বিষয়া সকলে ঢোল বজাই এপাক নাচিলে কামৰ মাজতে । আৰক্ষীৰ উপৰিও মহানগৰীৰ প্ৰাকৃতিক নিবাস এছ'চিয়েছনৰ উদ্যোগত সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্টুপীয়াকৈ উদযাপন কৰে ব'হাগ বিহুৰ এক অনুষ্ঠান । প্ৰাকৃতিক নিবাস এছটচিয়েছনৰ সদস্যই জানিবলৈ দিয়া অনুসৰি নাচ, গান আৰু সকলো লোকে একেলগে জলপান গ্ৰহণ কৰিছে যদিও সামাজিক দূৰত্ব বৰ্তাই ৰাখি তেওঁলোকে উদযাপন কৰিছে এইবাৰৰ ৰঙালী বিহু ।