গুৱাহাটী, 11নৱেম্বৰঃ বিহাৰৰ নিৰ্বাচনী ফলাফলে পৰিস্কাৰ কৰি দিলে যে, আজিৰ তাৰিখত দেশত কংগ্ৰেছৰ প্ৰয়োজনীয়তা, গ্ৰহণযোগ্যতা সকলো শেষ হৈছে । এই ভাষ্য শাসক দল বিজেপিৰ। বিহাৰৰ নিৰ্বাচনী ফলাফল সম্পূৰ্ণ হোৱাৰ পিছতে আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে ই টিভি ভাৰতক কয় যে বিহাৰৰ নিৰ্বাচনী ফলাফলে নিশ্চিতভাৱে অসমতো প্ৰভাৱ পেলাব । আগন্তুক তিনি চাৰি মাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছ এনেদৰে ধৰাশায়ী হৈ পৰিব বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ নেতাজনে ৷
ইপিনে, বিহাৰৰ নিৰ্বাচনী ফলাফলে অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি দৃঢ়তাৰে মত পোষণ কৰিছে কংগ্ৰেছ দলে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই বিহাৰৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইটিভি ভাৰতক কয় যে, এই নিৰ্বাচনৰ ফলাফলে অসমৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলাব নোৱাৰে ।