অসম

assam

ETV Bharat / state

Khel Maharan In Assam: ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ - Biggest Sports event in Assam

খেল মহাৰণৰ বাবে সাজু ৰাজ্য চৰকাৰ । অহা ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ'ব খেল মহাৰণ ৷ অসমত ক্ৰীড়াৰ এক টেলেণ্ট পুল নিৰ্মাণ উদ্দেশ্য এই প্ৰয়াস ৰাজ্যৰ চৰকাৰৰ ।

Khel Maharan organised in Assam
Assam Khel Maharan

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:38 PM IST

অসমত অনুষ্ঠিত হ'ব খেল মহাৰণ

গুৱাহাটী, ৬ অক্টোবৰ:অহা ১ নৱেম্বৰ পৰা ১০ জানুৱাৰীলৈ অসমত অনুষ্ঠিত হ'ব খেল মহাৰণ । সেই উপলক্ষে শুকুৰবাৰে জনতা ভৱনত খেল-মহাৰণৰ ল’গ’, জাৰ্চী, থীম চং, ৱেবচাইট, মোবাইল এপ মুকলিৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জনতা ভৱনৰ সভা কক্ষত অনুষ্ঠিত হয় এই অনুষ্ঠান । মুখ্যমন্ত্ৰীৰ লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা, মন্ত্ৰী যোগেন মোহন, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতেই ক্ৰীড়া বিভাগৰ সঞ্চালক আৰু আন আন বিষয়াসকল ।

খেল-মহাৰণৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অসম চৰকাৰে চাৰিটা জন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰথমটো অমৃত বৃক্ষ আন্দোলন, দ্বিতীয়টো অমৃত কলহ, তৃতীয়টো খেল মহাৰণ আৰু চতুৰ্থতো সাংস্কৃতিক মহা সংগ্ৰাম । অসমৰ ২৫ হাজাৰ গাঁও সামৰি খেল মহাৰণ অনুষ্ঠিত হ'ব ।’’

প্ৰথম অৱস্থাত গাঁও পঞ্চায়ত এলেকাত খেল সমূহ অনুষ্ঠিত হ'ব । প্ৰতিখন গাঁৱৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰিব লাগিব । তাৰ পিছত গাঁও পঞ্চায়তৰ পৰা এটাকৈ দল উলিওৱা হ'ব । তাৰ পিছত তাৰ পৰা সেই দল সমূহে বিধানসভা সমষ্টিত খেলত অংশ গ্ৰহণ কৰিব । বিধানসভা পৰ্যায়ৰ পৰা আকৌ জিলা পর্যায়ত খেল অনুষ্ঠিত হ'ব । জিলা পৰ্যায়ৰ পৰা আকৌ এটা দল নিৰ্বাচিত কৰি ৰাজ্যিক পৰ্যায়লৈ উলিয়াই অনা হ'ব । শেষত ৰাজ্যিক ভিত্তিত এই খেল মহাৰণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:Asian Games 2023: পুৰুষৰ হকীত জাপানক হৰুৱাই স্বৰ্ণ জয় ভাৰতৰ

উল্লেখ্য যে পাঁচটা খেলক সামৰি এই খেল মহাৰণ অনুষ্ঠিত হ'ব । এই পাঁচটা খেল হৈছে ফুটবল, কাবাদী, ভলীবল, খোখো আৰু এথলেটিকছ । ৩৫ খন জিলাৰ বাবে নিৰ্দিষ্টকৈ জাৰ্চী তৈয়াৰ কৰা হৈছে । এই খেলত অংশগ্ৰহণ কৰিবলৈ প্ৰায় ১৯,২৭,২৭০ জনে অনলাইন যোগে আবেদন কৰিছে । ১৯ বছৰ উৰ্দ্ধৰ ৪১ হাজাৰ পুৰুষে ১০০ মিটাৰ দৌৰৰ বাবে পঞ্জীয়ন কৰিছে আৰু ২৪ হাজাৰ ৬১৯ গৰাকী মহিলা পঞ্জীয়ন কৰিছে ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয়, ‘‘এই খেল মহাৰণে অসমত ক্ৰীড়াৰ এক টেলেণ্ট পুল নিৰ্মাণ কৰিব । গ্ৰামঞ্চলত ক্ৰীড়াৰ বহু থল আছে । যুৱ প্ৰতিভাক গঠনমূলক দিশলৈ আগবঢ়াই নিয়াৰ চেষ্টাৰে চৰকাৰে এই পদক্ষেপ লৈছে । এতিয়াৰে পৰা পঞ্চায়ত পৰ্যায়ত ক্ৰীড়া সংঘ (Sports Club) আৰু সাংস্কৃতিক সংঘ (Cultural Club) নিৰ্মাণ কৰা হ'ব । খেল মহাৰণৰ বাবে বিধায়ক পুঁজিৰ ১০ শতাংশ ধন আৱন্টন দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।’’

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি পঞ্চায়ত পৰ্যায়ত খেলত অংশগ্ৰহণ কৰাৰ পৰা ৰাজ্যিক পৰ্যায়ৰ খেললৈ সকলো খেলুৱৈক পুৰস্কাৰ দিয়া হ'ব । যাতায়ত আৰু থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা সকলো চৰকাৰে গ্ৰহণ কৰিব । এই গোটেই খেল মহাৰণৰ বাবে প্ৰায় ৬২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । ৰাজ্যিক পৰ্যায়ত উজলি উঠা খেলুৱৈক চৰকাৰে বিনামূলীয়াকৈ প্ৰশিক্ষণ, জলপানীৰ ব্যৱস্থা কৰিব ।

খেল মহাৰণৰ শীৰ্ষ সংগীতত (Theme Song) কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷ তাৰোপৰি খেল মহাৰণৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা ভিডিঅ’ত ৰাজ্যৰ বহু সংখ্যক প্ৰবীণ খেলুৱৈক দেখা পোৱা যাব ৷ এই খেল মহাৰণলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে জুবিন গাৰ্গ আৰু খেলুৱৈসকলক কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক:Playground in Guwahati: খেলপথাৰৰ অভাৱ থকা গুৱাহাটী কিদৰে হ’ব দেশৰ ক্ৰীড়াৰ ৰাজধানী ?

ABOUT THE AUTHOR

...view details