গুৱাহাটী/নগাঁও, ২১ মে':অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ (Jonmani Rabha Death Case) পিছত এতিয়া তিনিবছৰৰ অধিক কাল একেখন জিলাত কাৰ্যনিৰ্বাহ কৰি থকা আৰক্ষীৰ ওপৰত চকু পৰিল অসম আৰক্ষীৰ । তিনিবছৰৰ অধিক কাল একেখন জিলাতে কাৰ্যনিৰ্বাহ কৰি থকা আৰক্ষী বিষয়াৰ বিৰুদ্ধে এইবাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ গৃহ বিভাগে । ইতিমধ্যে চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশযোগে ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮৩ গৰাকীকৈ উপ পৰিদর্শকক বদলি কৰিছে (Reshuffle in Assam Police)। ইয়াৰে নগাঁও জিলাৰে পাঁচগৰাকী উপ পৰিদৰ্শকক বদলি কৰিছে অন্য স্থানলৈ ।
নগাঁও জিলাত তিনিবছৰৰ অধিক কাল কাৰ্যনিৰ্বাহ কৰা উপ পৰিদৰ্শক নৱ কুমাৰ দাসক চৰাইদেও জেললৈ, লক্ষেশ্বৰ গগৈক ডিব্ৰুগড়লৈ, টংকেশ্বৰ দাসক দৰং জেললৈ, অমল পালক কৰিমগঞ্জ জেললৈ আৰু শৰৎ চন্দ্ৰ দাসক গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ বদলি কৰা হৈছে । একেদৰে ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮৩ গৰাকী উপ পৰিদর্শকক বদলিৰ নিৰ্দেশ দিয়ে ৰাজ্যৰ গৃহ বিভাগে ।
উল্লেখ্য যে শনিবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে তিনি বছৰ ধৰি একে স্থানতে থকা আৰক্ষী বিষয়াৰ ৰদ-বদল কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল । তাৰ পৰিপ্ৰেক্ষিতেই আজি ৮৩ গৰাকী উপ-পৰিদৰ্শকৰ ৰদ-বদল কৰা হৈছে । উল্লেখ্য যে জোনমণি ৰাভা মৃত্যুৰ পিচত প্ৰথমে নগাঁও জিলাৰ ভিতৰতে ডেৰ শতাধিক আৰক্ষী কনিষ্টবলক বদলি কৰা হয় ৷
শনিবাৰে নগাঁও, লখিমপুৰ আৰু হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক বদলি কৰা হৈছিল । নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক নগাঁও জিলাৰ পৰা হাইলাকান্দিলৈ বদলি কৰাৰ বিপৰীতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তক নগাঁও জিলালৈ বদলি কৰা হৈছিল । একেদৰে লখিমপুৰৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক আই জি পি (স্প'ৰ্টছ) হিচাপে বদলি কৰাৰ বিপৰীতে আনন্দ মিশ্ৰক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছিল ।