অসম

assam

ETV Bharat / state

দীঘলীয়া লক ডাউনে স্তব্ধ কৰিলে নেকি ৰাজ্যৰ নিৰ্মাণখণ্ড? - ৰিয়েল ইষ্টেট ব্যৱসায়ী প্ৰতিষ্ঠান

দীঘলীয়া লক ডাউনৰ ফলত ৰাজ্যৰ নিৰ্মাণ খণ্ড এতিয়া বিধ্বস্তপ্ৰায় ৷ অসমৰ ৰিয়েল ইষ্টেট ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে দেশৰ জি ডি পিত ৬-৭ শতাংশ অৱদান আগবঢ়াই আহিছে ৷ গতিকে শেহতীয়া পৰিস্থিতিৰ বাবে সমগ্ৰ দেশত চলি থকা দীঘলীয়া লক ডাউনৰ ফলত এই ব্যৱসায়টোৱে এক দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হৈছে ৷ এই মন্তব্য আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান প্ৰটেক গ্ৰুপৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ জালানৰ ।

দীঘলীয়া লক ডাউনে স্তব্ধ কৰিলে নেকি ৰাজ্যৰ নিৰ্মাণখণ্ড?
দীঘলীয়া লক ডাউনে স্তব্ধ কৰিলে নেকি ৰাজ্যৰ নিৰ্মাণখণ্ড?

By

Published : May 16, 2020, 4:51 PM IST

গুৱাহাটী, ১৬ মে': সম্প্ৰতি সমগ্ৰ দেশ আগবাঢ়িছে চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ দিশে । এই লক ডাউনৰ সময়ছোৱাত অসমৰ প্ৰতিটো খণ্ডই কম-বেছি পৰিমানে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে । সৰ্বস্তৰৰ অৰ্থনীতি প্ৰায় বিধ্বস্ত হৈ পৰিছে ‌। উল্লেখ্য যে, দেশৰ জি ডি পিত ৬-৭ শতাংশ অৱদান আগবঢ়াই আহিছে ৰিয়েল ষ্টেট বা আৱাসগৃহ নিৰ্মাণ খণ্ডটোৱে ।

দীঘলীয়া লক ডাউনে স্তব্ধ কৰিলে নেকি ৰাজ্যৰ নিৰ্মাণখণ্ড?

কিন্তু এই দীঘলীয়া লক ডাউনৰ বাবে অসমৰ ৰিয়েল ইষ্টেট ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে এক দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হৈছে বুলি আগশাৰীৰ নিৰ্মাণ প্ৰতিষ্ঠান প্ৰটেক গ্ৰুপৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ জালানে জানিবলৈ দিয়ে । দীঘলীয়া লক ডাউনে ৰাজ্যৰ নিৰ্মাণ খণ্ডত ইতিমধ্যে কেইবাহাজাৰ কোটি টকাৰ লোকচান কৰিছে ৷ তেওঁ কয় যে, এই খণ্ডটোৰ সৈতে জড়িত শ্ৰমিকসকল মূলতঃ ধুবুৰী আৰু মৰিগাঁও জিলাৰ । দুয়োখন জিলাই অৰেঞ্জ জ'নৰ অন্তৰ্গত হোৱা হেতুকে শ্ৰমিকসকল কামলৈ ওলাই আহিব পৰা নাই । ইয়াৰোপৰি অসমলৈ নিৰ্মাণ খণ্ডৰ বাবে শিল আমদানি কৰা হয় মূলতঃ মেঘালয়ৰ পৰা । কিন্তু সেই প্ৰক্ৰিয়াও লক ডাউনৰ বাবে স্থবিৰ হৈ আছে বুলি পৰিচালন সঞ্চালকগৰাকীয়ে সদৰী কৰে এই কথা ।

লগতে পঢ়ক : কেৰালাত আৱদ্ধ অসমৰ যুৱকৰ দলৰ অসম চৰকাৰলৈ কাতৰ অনুৰোধ

ABOUT THE AUTHOR

...view details