গুৱাহাটী, ২৫ আগষ্ট :২৪ ঘণ্টাই নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা দিছপুৰৰ বৰঘৰত এতিয়া চোৰৰ টিঘিলঘিলনী । চৌদিশে সকলো সময়তে নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থকা দিছপুৰৰ বিধায়ক আৱাসৰ পৰা পুনৰ এখন চাইকেল চুৰি হোৱা ঘটনা পোহৰলৈ আহিছে । এইবাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ আৱাসৰ পৰা চুৰি হৈছে পুত্ৰৰ চাইকেল । মঙলবাৰে নিশা সংঘটিত হয় এই চুৰিৰ ঘটনা ।
জানিব পৰা মতে তিনিদিন পূৰ্বে বিধায়ক ফুকনে নিজৰ পুত্ৰৰ বাবে ক্ৰয় কৰি অনা চাইকেলখন বিধায়কৰ নতুন আৱাসৰ পৰা চুৰি হয় । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও চুৰিকাৰ্যৰ কোনো তথ্য লাভ কৰা নাই । উল্লেখ্য যে কিছুদিন পূৰ্বে বিধায়ক মৃণাল শইকীয়াৰো বিধায়ক আৱাসৰ পৰা চুৰি হৈছিল এখন চাইকেল । অৱশ্যে পাছত চাইকেলখন চুৰি হোৱা স্থানতে উদ্ধাৰ হয় ।
লগতে পঢ়কঃ সাতগাঁৱত ৬৬ লাখ টকীয়া পানী যোগান প্ৰকল্পত লাগিছে মামৰ