অসম

assam

ETV Bharat / state

Kurichhu Dam: পুৱা ৭ বজাৰ পৰাহে নিয়ন্ত্ৰিত ৰূপত কুৰিশ্বু বান্ধৰ পানী এৰিছে ভূটানে; পীযুষ হাজৰীকা - কুৰিশ্বু বান্ধ

অসম চৰকাৰৰ আহ্বান মৰ্মে ভূটানে নিয়ন্ত্ৰিত ৰূপত কুৰিশ্বু বান্ধৰ পানী এৰিছে ৷ সাম্ভাৱ্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থকা হৈছে ৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

Kurichhu Dam
Kurichhu Dam

By

Published : Jul 14, 2023, 8:15 PM IST

পুৱা ৭ বজাৰ পৰাহে নিয়ন্ত্ৰিত ৰূপত কুৰিশ্বু বান্ধৰ পানী এৰিছে ভূটানে

গুৱাহাটী, ১৪ জুলাই : যোৱা নিশা ১২ বজাৰ পৰা নহয়, আজি পুৱা ৭ বজাৰ পৰাহে ভূটানে এৰিছে কুৰিশ্বু বান্ধৰ পানী ৷ অসম চৰকাৰৰ অনুৰোধ অনুসৰি একেবাৰতে এৰি নিদি লাহে লাহে বান্ধৰ পানী এৰিবলৈ সন্মত হৈ নিয়ন্ত্ৰিত ৰূপত পানী এৰিছে ভূটানে ৷ আজিৰ আৰু কাইলৈৰ দিনটো আমি সাৱধানে চলিব আৰু পৰ্যবেক্ষণ কৰিব লাগিব ৷ ভূটানৰ পৰা অহা বানত আক্ৰান্ত মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত থকা বেকী নদীৰ পাৰৰ মথাউৰি পৰিদৰ্শন কৰি এই কথা সদৰী কৰিছে জনসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷

মন্ত্ৰী হাজৰীকাৰ মন্তব্য যে কুৰিশ্বু বান্ধ কৰ্তৃপক্ষই বৃহস্পতিবাৰে অসমৰ প্ৰশাসনলৈ এখন পত্ৰ পঠিয়াইছিল বান্ধৰ পানী নিশা ১২বজাৰ পৰা খুলি দিয়াৰ কথা সদৰী কৰি ৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কুৰিশ্বু নদীৰ বান্ধৰ পৰা পানী মুকলি কৰি দিব বুলি এই খবৰ পোৱাৰ পিচত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত চৰকাৰ-প্ৰশাসনৰ সকলো পক্ষই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ভূটানৰ বান্ধ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ৰাতিৰ পৰিৱৰ্তে পুৱাৰ ভাগত নিয়ন্ত্ৰিত ৰূপত পানী এৰিবলৈ ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী পীযুষ হাজৰীকাই অনুৰোধ জনাইছিল ৷ বৰপেটা, চিৰাং আৰু বাক্সা জিলাৰ প্ৰশাসনৰ সৈতে সঘন যোগাযোগ কৰি সষ্টম কৰি তোলা হৈছিল ৷ এই কথাও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

বাক্সা জিলাৰ অন্তৰ্গত মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজত থকা বেকী নদীৰ পাৰৰ মথাউৰিটো পানীয়ে ক্ষতি কৰা অঞ্চলটো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ অনতিপলমে এই মথাউৰিৰ ৪০০ মিটাৰ দৈৰ্ঘ্যৰ অংশ প্ৰতিৰোধৰ বাবে শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ লগতে ২০০ মিটাৰ দৈৰ্ঘ্যৰ অংশ বহলীকৰণৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

আনহাতে ভূটানৰ পৰা অহা পানীৰ সম্ভাৱ্য প্ৰভাৱৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বৰপেটা, বাকছা আৰু বজালীৰ জিলা প্ৰশাসনক প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে বুলিও মন্তব্য মন্ত্ৰী হাজৰীকাৰ। পৰিদৰ্শনকালত পীযুষ হাজৰীকাৰ সৈতে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাৰ্হী সদস্য প্ৰমোদ বড়োও উপস্থিত আছিল ।

লগতে পঢ়ক:Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

ABOUT THE AUTHOR

...view details