গুৱাহাটী, ৩ নৱেম্বৰ : ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে (Jigme Khesar Namgyel Wangchuck) শুকুৰবাৰে এক বিশেষ বিমানযোগে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় । তাৰ পৰা পোনে পোনে তেওঁ নীলাচল পাহাৰলৈ যায় । তাত তেওঁ শক্তিপীঠ কামাখ্যা ধাম দৰ্শন কৰে । মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি পোনে পোনে যাব ৰেডিছন ব্লু'লৈ ।
খানাপাৰাৰ ষ্টাফ কলেজৰ বিশেষ অনুষ্ঠানত অংশ ল’ব ভূটানৰ ৰজাই । ৪ নৱেম্বৰত পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও বহিব বৈঠকত । ভূটানৰ ৰজাক আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ । বৃদ্ধি কৰা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা । বিমানবন্দৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনাই ভূটানৰ ৰজাক ।
উল্লেখ্য যে শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ আহিছে ভূটানৰ ৰজা । দেওবাৰে যোৰহাটৰ পৰা নতুন দিল্লীলৈ যাব । ভূটানৰ ৰজাই গুৱাহাটীত ভূটানী সম্প্ৰদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব । ৰজাই শুকুৰবাৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই তেওঁৰ সন্মানত ৰাজভৱনত আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব আৰু পিছদিনা ৰাতিপুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে যোৰহাটলৈ উৰা মাৰিব ।