গুৱাহাটী,28 ডিচেম্বৰ: মহানগৰীত বিভিন্ন সোৱাদৰ চাহৰ সৈতে অসমীয়া পিঠা-পনাৰ জুতি দিবলৈ প্ৰয়াস কৰিছে এজন উচ্চ শিক্ষিত যুৱকে । বিদ্যুৎ কলিতা নামৰ যুৱকজনে প্ৰায় এবছৰ পূৰ্বে মহানগৰীৰ চান্দমাৰীত আৰম্ভ কৰিছিল ভূৰুকা নামৰ এখন চাহৰ বিপণী । য’ত বৰ্তমান উপলব্ধ ভিন্ন সোৱাদৰ 18 প্ৰকাৰৰ চাহ ৷
ভূৰুকা অসমীয়াৰ প্ৰাণ বিহুৰ প্ৰথম আখৰ আৰু অসম নামৰ সংযুক্তৰে গঢ় লৈ উঠা এখন চাহৰ বিপণী । মঙলদৈৰ দিপীলাৰ বিদ্যুৎ কলিতা নামৰ যুৱকজনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি মহানগৰীৰ চান্দমাৰীত আৰম্ভ কৰিছে এই চাহৰ বিপণী । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত স্থাপন কৰা এই চাহৰ বিপণীয়ে ইতিমধ্যে এটা বছৰ পূৰ্ণ কৰে । এই ভূৰুকাত বৰ্তমান উপলব্ধ চাহৰ লগতে অসমৰ থলুৱা প্ৰতিটো পিঠা, জলপান, লাড়ু আদি ৷ যাৰ বাবে ভূৰুকা এতিয়া জনপ্ৰিয় হৈ পৰিছে সকলোৰে মাজত ।