অসম

assam

ETV Bharat / state

new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটী(new committee of assam pradesh congress) গঠনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(bhupen kumar borah) ৷ এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, 'আচলতে উপ-নিৰ্বাচনৰ বাবেই নতুন সমিতিখন গঠনত কিছু পলম হৈছে । ইতিমধ্যে মই নতুন সমিতিৰ তালিকা দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত অৰ্পণ কৰিছোঁ ।'

new committee of assam pradesh congress
কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

By

Published : Nov 20, 2021, 3:24 PM IST

গুৱাহাটী, ২০ নৱেম্বৰ: নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ(Assam Pradesh Congress)ৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰা(bhupen kumar borah)ক নিযুক্তি দিয়া প্ৰায় তিনি মাহেই হ'ল । কিন্তু আজি পৰ্যন্ত গঠন নহ'ল প্ৰদেশ কংগ্ৰেছৰ পূৰ্ণাংগ সমিতিখন । কাৰণ কি ?

ভূপেন বৰাৰ নিযুক্তিৰ বহু পিছত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভৱেশ কলিতাক দলটোৰ ৰাজ্যিক সভাপতি ৰূপে নিযুক্তি দিছিল । তথাপিও বিজেপিৰ ৰাজ্যিক পূৰ্ণাংগ সমিতিখন কিন্তু ইতিমধ্যে গঠন হ'ল । তেন্তে কংগ্ৰেছে নোৱৰাৰ কাৰণ কি ? শনিবাৰে এই প্ৰশ্ন সোধা হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ।

সম্প্ৰতি তিতাবৰত থকা ভূপেন বৰাই ফোন যোগে এই সন্দৰ্ভত ইটিভি ভাৰতক কলে এনেদৰে," আচলতে উপ-নিৰ্বাচনৰ বাবেই নতুন সমিতিখন গঠনত কিছু পলম হৈছে । ইতিমধ্যে মই নতুন সমিতিৰ তালিকা দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত অৰ্পণ কৰিছোঁ । ৰাষ্ট্ৰীয় নেতৃত্বই অনুমোদন জনালেই সমিতিখন ঘোষণা কৰা হব ।"

ভূপেন বৰাক সোধা হৈছিল যে ৰাজনৈতিক মহলত চৰ্চা এই বুলিও চলিছে যে ইতিমধ্যে কংগ্ৰেছৰ কেইবাজনো বিধায়ক সহ বহু নেতাই বিজেপিত যোগ দিছে । গতিকে অনাগত দিনত আৰু কোন কোন কংগ্ৰেছৰ পৰা বিজেপিমুখী হয় তালৈ অপেক্ষা কৰাৰ বাবেই নতুন সমিতিখন গঠনত পলম হৈছে ? এই সম্ভাৱনা অৱশ্যে তেওঁ খণ্ডন কৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী মোডীয়ে অংশ ল'ব লক্ষ্ণৌৰ DGP সন্মিলনত

বৰাই লগতে কয়," বিজেপিলৈ কোন যাব বা নাযাব তাৰ প্ৰতি লক্ষ্য ৰখাৰ বাবেই আমাৰ নতুন সমিতি গঠন হোৱা নাই বুলি কোৱা কথাটো শুদ্ধ নহয় । বিজেপিয়েতো অপপ্ৰচাৰ চলায়েই আছে । ২২ নৱেম্বৰত কংগ্ৰেছ বিধায়িনী দলৰ এখন সভা আহ্বান কৰা হৈছে । যত আমাৰ দলৰ সাংসদ সকলো উপস্থিত থাকিব । তাত এই বিষয় বিলাক আলোচনা কৰা হব ।"

আনহাতে, বিজেপিয়ে তেওঁলোকৰ বিধায়ক সকলক মুম্বাইলৈ নি প্ৰশিক্ষণ দি অনাৰ পিছত এইবাৰ কংগ্ৰেছেও প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে, ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত ৰাজ্যিক সমিতিৰ পৰা আৰম্ভ কৰি জিলা সমিতি পৰ্যায়লৈকে কংগ্ৰেছ দলৰ বচা বচা পাঁচশ নেতাক গুৱাহাটীৰ দাতিকাষৰীয়া কোনো অঞ্চলত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাও এই প্ৰশিক্ষণত উপস্থিত থাকিব । বিজেপিয়ে ৰাজকোষৰ ধন ভাঙি মুম্বাইলৈ লৈ গৈ তেওঁলোকৰ বিধায়ক সকলক প্ৰশিক্ষণ দিয়াই আনিলে । একোজনৰ প্ৰতিসাজ ভাতত তিনি হাজাৰ টকাকৈ ব্যয় কৰিলে । আমি সেই কাম কৰিব নোৱাৰো । আমাৰ সীমিত শক্তিৰেই এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

লগতে পঢ়ক:ষষ্ঠ অনুসূচীক লৈ কাৰ্বিভূমিত আকৌ আৰম্ভ হৈছে বাদ-বিবাদ; ৰাজনৈতিক স্বাৰ্থত পৰিষদে অনুষ্ঠিত কৰিলে আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details