গুৱাহাটী, 21 আগষ্ট : পুনৰ বিসম্বাদৰ প্ৰসংগৰে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ‘‘বিজেপিত যি বেমাৰ লাগিছে সেই বেমাৰ তৰুণ গগৈ ছাৰৰ দিনত আমাৰ দলত আছিল ৷ এতিয়া আমাৰ দলৰ পৰা গৈ বিজেপিত সোমাল । সেই বেমাৰ ৰাজীৱ ভৱনত সুঁচৰিবলৈ নিদিও ৷’’ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।
সোমবাৰে ৰাজীৱ ভৱনত গৌৰৱ গগৈক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত সভাপতি বৰাই ভাষণ প্ৰসংগত বিজেপিক তীব্ৰ সমালোচনা কৰি আৰু কয়,’’ বিজেপিত পূৰ্বে ৰাষ্ট্ৰীয় কমিটিত অসমৰ সাংসদ দিলীপ শইকীয়াৰ নাম আছিল ৷ কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ নাম কৰ্তন কৰা হ’ল । ই দুখজনক । ইপিনে চি ডব্লিউ চিত (CWC) গৌৰৱ গগৈৰ নাম অন্তৰ্ভুক্ত হ’ল । 1885 চনৰ 28 ডিচেম্বৰত চি ডব্লিউ চি (CWC) আৰম্ভ কৰিছিল । অসমৰ পৰা পূৰ্বতেও চি ডব্লিউ চিত সদস্য পাইছে । পূৰ্বৰ সদস্য আৰু গৌৰৱ গগৈৰ মাজত পাৰ্থক্য আছে । 39 জন সদস্যৰ ভিতৰত স্থান পাইছে গৌৰৱ গগৈয়ে । এটা প্ৰতিভাক কেতিয়াও ঢাকি ৰাখিব নোৱাৰি ।’’