বিৰোধী ঐক্যমঞ্চই আসন বুজাবুজিৰ সূত্র বনাইছে : ভূপেন বৰা গুৱাহাটী, ২৬ ডিচেম্বৰঃ কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১৫টা বিৰোধী ৰাজনৈতিক দলৰ মাজত আসন বুজাবুজিৰ সূত্ৰটো ইতিমধ্যে বনাই লোৱা হৈছে । এই কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।
উল্লেখ্য যে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমত কংগ্ৰেছৰ নেতৃত্বত ১৫টাকৈ ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰিছে । আসন বুজাবুজি সন্দৰ্ভত বিৰোধী ঐক্যমঞ্চ এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই । এই সন্দৰ্ভত মঙলবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে আসন বুজাবুজিক লৈ সূত্ৰ কৰা হৈছে ।
আঞ্চলিক দলকেইটাৰ মাজত অখিল গগৈৰ ৰাইজৰ দল আৰু অজিত কুমাৰ ভূঞাৰ আঞ্চলিক গণমৰ্চাই ইতিমধ্যে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছে । বাকী আঞ্চলিক দলসমূহৰ লগত আলোচনা কৰা হ'ব বুলি সদৰী কৰি ভূপেন বৰাই কয় যে ৰাষ্ট্ৰীয় দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ নেতৃত্বৰে আলোচনা কৰি সিদ্ধান্তত উপনীত হ'ব ।
ৰাষ্ট্ৰীয় দলকেইটাৰ ৰাজ্যিক নেতৃত্বই এতিয়ালৈকে আনুষ্ঠানিকভাৱে কোনো কথা কোৱা নাই বুলি তেওঁ কয় । তেওঁ লগতে কয় যে ব্যক্তি হিচাবে কংগ্ৰেছৰ পৰা ৭৯ গৰাকীয়ে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিছে । আন দলবোৰেও এনেদৰে প্ৰাৰ্থীসমূহ আগুৱাই দিলে বিষয়টোত আলোচনা কৰিবলৈ ভাল হয় বুলি তেওঁ কয় । কংগ্ৰেছৰ আবেদন কৰা প্ৰাৰ্থীসকলৰ প্ৰসংগত তেওঁ কয় যে প্ৰাৰ্থীসকলৰ তৃণমূল পৰ্যায়ৰ ভেঁটি সন্দৰ্ভত পৰ্যবেক্ষণ কৰি থকা হৈছে ।
প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়াটো চলি থকা বুলি সদৰী কৰি তেওঁ কয় যে ৫ জানুৱাৰীৰ ভিতৰত ব্লক কংগ্ৰেছসমূহে পেনেল দিব জিলাত আৰু ১৬ জানুৱাৰীৰ ভিতৰত জিলা কংগ্ৰেছসমূহে পেনেল দিব প্ৰদেশ কংগ্ৰেছক । ইফালে বিজেপিক কটাক্ষ কৰি ভূপেন বৰাই কয় যে বিজেপিত এই প্ৰক্ৰিয়াটোৰ প্ৰয়োজন নাই । কাৰণ তেওঁলোকৰ ৱান মেন শ্ব'। তাত যাক মন যায় তাকে প্ৰাৰ্থিত্ব দিব পাৰে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।
লগতে পঢ়ক:চিপিআইৰ প্ৰতিষ্ঠা দিৱস: কি দৰে ক্ৰমান্বয়ে গুৰুত্বহীন হৈ পৰিল একালৰ প্ৰধান বিৰোধী দল...