অসম

assam

Bhupen Bora slams BJP:২০২৪ চনত দেশৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব:ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 2:55 PM IST

২০২৪ চনত দেশত ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ২০২৪ চনত দেশত বিৰোধী ঐক্য I N D I A ৰ চৰকাৰ হ’ব বুলি ইংগিত দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰে ।

bhupen bora slams bjp
বিজেপিক সমালোচনা ভূপেন বৰাৰ

বিজেপিক সমালোচনা ভূপেন বৰাৰ

গুৱাহাটী, ৯ অক্টোবৰ : আগন্তুক ডিচেম্বৰৰ ভিতৰতে দেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ছবি প্ৰতিফলিত হ’ব বুলি মন্তব্য ভূপেন বৰাৰ ৷ সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ আগত এই গুৰুত্বপূৰ্ণ মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ৷ আগন্তুক পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বি জে পিৰ পৰাজয় নিশ্চিত বুলি উল্লেখ কৰে তেওঁ ।

উল্লেখ্য যে, দেশৰ পাঁচখন ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীছগড়, তেলেংগানা আৰু মিজোৰামৰ নিৰ্বাচন আগন্তুক লোকসভা নিৰ্বাচন পূৰ্বে অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত সোমবাৰে দেশৰ নিৰ্বাচন আয়োগে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে । ভূপেন বৰাই এই পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সম্পৰ্কত কয় - বি জে পি য়ে মিজোৰামত এখন আসন‌ পাব । তেলেংগানাত মাত্ৰ পাঁচখন আসন‌ পাব । আকৌ ৰাজস্থানত বি জে পিৰ আসন তাচপাতৰ দৰে খহি পৰিব ।

আনহাতে মধ্যপ্ৰদেশত শতাধিক গাড়ীত দৈনিক বি জে পিৰ কৰ্মী আহি কংগ্ৰেছ দলত যোগদান কৰি আছে । গতিকে মধ্যপ্ৰদেশত বি জে পিৰ পৰাজয় নিশ্চিত হৈ পৰিছে । লক্ষনীয় বিষয় য়ে ৰাজনৈতিক বিশেষজ্ঞৰ সমীক্ষা মতে ৰাজস্থান আৰু মধ্যপ্ৰদেশত বৰ্তমান বি জে পিত কৈ কংগ্ৰেছৰ স্থিতি ভাল । ইপিনে তেলেংগানাতো বি জে পি ৰ‌ স্থিতি সন্তোষজনক নহয় বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মতপোষণ কৰিছে ।

ইপিনে দহ বছৰৰ পাছত লাডাখ-কাৰ্গিল স্বায়ত্তশাসিত পাৰ্বত্য পৰিষদৰ নিৰ্বাচনত INDIA ৰ বৃহৎ জয় সাব্যস্ত কৰিছে । ইয়াকে লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অতি আত্মবিশ্বাসী হৈ ২০২৪ চনত দেশৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব বুলি মন্তব্য কৰিছে ।

লগতে পঢ়ক :Pijush Hazarika: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ভূপেন বৰাৰ আছে ব্যক্তিগত শত্ৰুতা; পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details