অসম

assam

ETV Bharat / state

ইচ্ছা নাছিল ! চৰকাৰে কোৱা বাবেহে আন্দোলন কৰিব কংগ্ৰেছে : ভূপেন বৰা - কংগ্ৰেছ

‘‘ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কংগ্ৰেছক কোৱা হ'ল যে যেতিয়ালৈকে মূল্যবৃদ্ধি নকমে তেতিয়ালৈকে যাতে কংগ্ৰেছে আন্দোলন কৰি থাকে । সেয়েহে এতিয়া বিৰোধী দলটোৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে ৷’’ এই মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

bhupen bora reacts on price hike
ইচ্ছা নাছিল, চৰকাৰে কোৱা বাবেহে আন্দোলন কৰিব কংগ্ৰেছে

By

Published : Oct 14, 2021, 8:43 PM IST

গুৱাহাটী, ১৪ অক্টোবৰ :আন্দোলন কৰাৰ ইচ্ছা হেনো একেবাৰেই নাছিল কংগ্ৰেছৰ । কিন্তু কি কৰিব ? ৰাজ্য চৰকাৰৰ ফালৰ পৰাই কংগ্ৰেছক কোৱা হ'ল যে যেতিয়ালৈকে মূল্যবৃদ্ধি নকমে তেতিয়ালৈকে যাতে কংগ্ৰেছে আন্দোলন কৰি থাকে । সেয়েহে এতিয়া বিৰোধী দলটোৱে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে বুলি মন্তব্য প্ৰকাশ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

ইচ্ছা নাছিল, চৰকাৰে কোৱা বাবেহে আন্দোলন কৰিব কংগ্ৰেছে

বৃহস্পতিবাৰে মৰিয়নিত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ই-ৰিক্সাত উঠি পূজা চোৱাৰ পিছত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । তেওঁ আৰু কয় যে, যেতিয়া কংগ্ৰেছে ম'হৰ গাড়ীত উঠি মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছিল তেতিয়া চৰকাৰীভাৱে কোৱা হৈছিল যে মূল্যবৃদ্ধি নকমালৈকে যাতে কংগ্ৰেছে এনেদৰে আন্দোলন কৰি থাকে ।

সেয়েহে অহা চাৰি পাঁচদিনৰ ভিতৰত অসমৰ সকলো অঞ্চলতে কংগ্ৰেছে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি কয় সভাপতি বৰাই । তদুপৰি ভূপেন বৰাই কয়, 'নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে হাণ্ড্ৰেড প্লাছৰ কথা বৰকৈ কৈছিল । আমি বুজা নাছিলো কি এই হাণ্ড্ৰেড প্লাছ । এতিয়াহে বুজিছো পেট্ৰ’লৰ মূল্যৰ কথা কৈছিল ।'

লগতে পঢ়ক:বৰপেটাত অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ABOUT THE AUTHOR

...view details