গুৱাহাটী, ১৬ আগষ্ট: "কংগ্ৰেছত সুস্মিতা দেৱ বটবৃক্ষ আছিল । কিন্তু তেওঁ এতিয়া যি দললৈকে নাযাওক কিয়, তাত ৰঘুমলা হৈ থাকিব লাগিব । মই বুজি নাপালো তেওঁ বটবৃক্ষ এৰি ৰঘুমলা হবলৈ কিয় গল !" কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে সোমবাৰে দলত্যাগ কৰাৰ পিছত এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰথম প্ৰতিক্ৰিয়া ৷
ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয় যে বিগত নিৰ্বাচনত পৰাজিত হোৱাৰে পৰা তেওঁ হতাশাত ভূগিছিল । যাৰ ফলত তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁৰ পিতা কংগ্ৰেছ দলৰ বাবে হিৰ' আছিল । প্ৰয়াত সন্তোষমোহন দেৱেও নিৰ্বাচনত হাৰিছিল । কিন্তু সেই বুলি তেওঁ দলত্যাগ কৰা নাছিল । বৰং বৰাক উপত্যকাত পৰাজিত হোৱাৰ পিছত তেওঁ ত্ৰিপুৰালৈ গৈ তাৰ পৰাও জিকি আহিছিল ৷