গুৱাহাটী, ৯ ছেপ্টেম্বৰ: কাৰ ভুলৰ বাবে সংঘটিত হ'ল নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনা ? বিগত সময়ত হৈ যোৱা অনুৰূপ ঘটনাৰ পৰা কিয় শিক্ষা নল'লে ৰাজ্য চৰকাৰে ? এই প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ । বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক সংবাদমেল সম্বোধন কৰি কয় যে, ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল আন এক শোকাবহ নাও দুৰ্ঘটনা । সেই অঘটনৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিক্ৰমাদিত্য চৌধুৰী নামৰ অভিযন্তাজনক নিলম্বন কৰা হৈছিল ।
তিনি বছৰ পিছত পুনৰ কালি নিমাতীঘাটৰ দুৰ্ঘটনাৰ বাবেও এই একেজন বিক্ৰমাদিত্য চৌধুৰীক নিলম্বন কৰা হৈছে । বিষয়া একেজন, বিভাগীয় মন্ত্ৰীও একেজনেই । ২০১৮ ৰ নাও দূৰ্ঘটনাৰ সময়তো বিভাগটোৰ মন্ত্ৰী আছিল চন্দ্ৰমোহন পাটোৱাৰী, এতিয়াও চন্দ্ৰমোহন পাটোৱাৰী । যিজন অভিযন্তাক ২০১৮ ৰ দুৰ্ঘটনাটোৰ বাবে নিলম্বন কৰা হৈছিল, সেই একেজন অভিযন্তাক কিহৰ বাবে অসমৰ আটাইতকৈ ব্যস্ত জলপথ নিমাতীঘাট-মাজুলীৰ দায়িত্ব দিয়া হৈছিল বুলি প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই ৷
The tragic ferry accident: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী ভূপেন বৰাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, ৰে'ল দুৰ্ঘটনাৰ বাবে নীতিশ কুমাৰ, মমতা বেনাৰ্জীয়ে পদত্যাগ কৰিছিল । বিমান দূৰ্ঘটনাৰ বাবে দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিছিল মাধৱৰাও সিন্ধিয়াই । গতিকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো পদত্যাগ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক:ছাত্ৰৰ প্ৰতিবাদত উত্তপ্ত মাজুলীৰ পৰিৱেশ: আৰক্ষীৰ লাঠী চালনা
আনহাতে, ২০১৮ ৰ নাও দূৰ্ঘটনাৰ পৰা এইখন চৰকাৰে কোনো শিক্ষা নললে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে, সেই দূৰ্ঘটনাৰ পিছতেই বিধানসভাৰ মজিয়াত পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে ঘোষণা কৰিছিল যে নৈৰ বুকুত এটা ইঞ্জিনৰ নাও চলাচল বন্ধ কৰা হৈছে । চোৰ গলে বুদ্ধি আৰু বৰষুণ গলে জাপি লোৱাৰ দৰে আজি মুখ্যমন্ত্ৰীয়ে নিমাতীঘাটৰ ঘটনাৰ পিছত ঘোষণা কৰিছে যে এটা ইঞ্জিনযুক্ত নাৱৰ চলাচল বন্ধ কৰা হব । তেন্তে তিনি বছৰ আগতে বিধানসভাত পাটোৱাৰীয়ে কৰা ঘোষণা কি আছিল ? কিয় কাৰ্যকৰী হোৱা নাছিল সেই ঘোষণা ? এইদৰে সংবাদমেল যোগে প্ৰশ্ন উত্থাপন কৰে ভূপেন বৰাই ৷
The tragic ferry accident: মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগ দাবী ভূপেন বৰাৰ দূৰ্ঘটনাগ্ৰস্ত নাওখনত আচলতে কিমান যাত্ৰী আছিল তাৰ সঠিক কোনো তথ্য চৰকাৰৰ হাতত নথকাটোৱেই বিভাগটোৰ আচল স্বৰূপটো উদঙাই দিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো তীক্ষ্ণ সমালোচনা কৰে ।
ভূপেন বৰাৰ মন্তব্য- "মাজুলীৰ মানুহৰ ভোটৰহে মূল্য আছে । জীৱনৰ মূল্য নাই । নৈৰ পাৰৰ মানুহখিনিক বিপদত এৰি থৈ সোণোৱালে এতিয়া সাগৰৰ পাৰৰ বতাহ খাই আছেগৈ । দলং সাজিম বুলি আশা দি মাজুলীৰ মানুহৰ মূৰৰ ওপৰেৰে খোজ কাঢ়ি তেওঁ মুখ্যমন্ত্ৰীৰ পৰা দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী হ'ল । ২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ঘোষণা কৰি থৈ গৈছিল যে সত্তৰ বছৰে নোহোৱা দলংখন হেনো তেওঁ পাচ বছৰতে নিৰ্মাণ কৰিব ।"
লগতে পঢ়ক:নিমাতীত কান্দোনৰ ৰোল; যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মুখ্যমন্ত্ৰী