অসম

assam

ETV Bharat / state

নতুন মন্ত্ৰণা লৈ আনুষ্ঠানিকভাৱে APCC ৰ দায়িত্ব ল'লে ভূপেন বৰাই

শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক উষ্ম আদৰণি । আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি ভূপেন বৰাই কয় ২০২৬ ত আকৌ হ'ব কংগ্ৰেছৰ চৰকাৰ ৷

Bhupen Bora officially takes charge of APCC
নতুন মন্ত্ৰণা লৈ আনুষ্ঠানিকভাৱে APCC ৰ দায়িত্ব ল'লে ভূপেন বৰাই

By

Published : Aug 4, 2021, 7:07 PM IST

গুৱাহাটী,৪ আগষ্ট:প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে বুধবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে । এই উপলক্ষে গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশাল কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত বিদায়ী সভাপতি ৰিপুন বৰাই নৱনিযুক্ত সভাপতি ভূপেন বৰাক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পন কৰে ।

বিশাল অনুষ্ঠানটোত দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আদৰণী তথা সম্বৰ্ধনা জনোৱা হয় । শংখ-উৰুলীৰ মাজত ভূপেন বৰাই দায়িত্বভাৰ গ্ৰহণ কৰে । কংগ্ৰেছৰ বিভিন্ন সংগঠন তথা জিলা পৰ্যায়ৰ প্ৰতিনিধিসকলে নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক উষ্ম আদৰণী জনায় ।

নতুন মন্ত্ৰণা লৈ আনুষ্ঠানিকভাৱে APCC ৰ দায়িত্ব ল'লে ভূপেন বৰাই

লগতে পঢ়ক: গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাই

বিদায়ী সভাপতিৰ ভাষণত ৰিপুন বৰাই কয়, অতি জটিল সন্ধিক্ষণত দলৰ দায়িত্ব দিয়া হৈছিল । বিগত পাঁচবছৰ প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে দায়িত্ব পালন কৰিছো । বিগত পাঁচ বছৰ বহু প্ৰত্যাহ্বানৰে যুঁজ দিছিলো। পৰিস্থিতি যিয়েই নহওঁক কিয় আমি সদায় ইতিবাচক কথা পাতিব লাগে ।

'আমি হতাশ-নিৰাশ হ'লে নহ'ব । আমি ইতিহাসৰ পৰা প্ৰেৰণা ল'ব লাগিব। কংগ্ৰেছে বহু বাৰ বেয়া দিন দেখিছে । কিন্তু ভাল দিনো আহিব । কোনোবাই কংগ্ৰেছ এৰিব বিচাৰিলে এতিয়াই যাব পাৰে ।' এইদৰে মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই ৷

নতুন মন্ত্ৰণা লৈ আনুষ্ঠানিকভাৱে APCC ৰ দায়িত্ব ল'লে ভূপেন বৰাই

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ভূপেন বৰাই কয়, প্ৰতিখন জিলাৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকলৰ পদধূলি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো । জ্যেষ্ঠ সকলৰ পৰামৰ্শ আৰু যুৱ প্ৰজন্মৰ পৰিশ্ৰম অসম প্ৰদেশ কংগ্ৰেছৰ মূলধন । কংগ্ৰেছৰ নেতা-কৰ্মী সকলে দায়িত্ব সহকাৰে নিজৰ কৰ্তব্য পালন কৰাটো বিচাৰিছো ।

লগতে পঢ়ক: আকৌ এনকাউন্টাৰ : এইবাৰ বগা চোৰৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

মহাভাৰতৰ যুদ্ধৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, এতিয়া আমাৰ যুদ্ধ আৰম্ভ হ'ব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা সকলো কথা ৰাজহুৱা কৰিম । এই যুদ্ধ বিবেক-যুক্তিৰ যুদ্ধ হ'ব । ২০২৬ ত আকৌ হ'ব কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি স্পষ্ট কৰি দিয়ে এপিচিচিৰ সভাপতি ভূপেন বৰাই ৷

অনুষ্ঠানত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙে কয়, বিজেপি চৰকাৰখনে এতিয় 'ইউ টাৰ্ন' মাৰিছে । অসমৰ ৰাইজে এতিয়া এইখন চৰকাৰৰ প্ৰকৃত স্বৰূপ দেখা পালে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে । কম দিনতে চৰকাৰখনৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল বুলি বৰ্তমানৰ বিজেপি নেতৃত্বধীন ৰাজ্য চৰকাৰ কটাক্ষ কৰে জীতেন্দ্ৰ সিঙে ৷

লগতে পঢ়ক: মাৰচেন্ট এচচিয়েছন লামডিঙৰ সহযোগত ভেকচিন প্ৰদান

অনুষ্ঠানত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, মহিলা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী সুস্মিতা দেৱ, প্ৰাক্তন সাংসদ ৰাণী নৰহ, সাংসদ আব্দুল খালেক আদিৰ লগতে কংগ্ৰেছৰ বিধায়ক, প্ৰাক্তন সাংসদ-মন্ত্ৰী-বিধায়কৰ উপৰি বহু সংখ্যক দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

উল্লেখ যে পুৱাৰ ভাগত কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত উপস্থিত হৈ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । তদুপৰি কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি আৰু প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতিমূৰ্তিৰ লগতে প্ৰয়াত মুখ্যমন্ত্ৰী সকলৰ প্ৰতিকৃতিত পুষ্পঞ্জলি অৰ্পণ কৰে ।

লগতে পঢ়ক: লাইলাপুৰ আহত জোৱান সকলৰ কাষত ৰাজ্যিক বিজেপিৰ প্ৰতিনিধিৰ দল

ABOUT THE AUTHOR

...view details