গুৱাহাটী, ১৪ অক্টোবৰ :মহাষ্টমী পূজাৰ দিনা গোঁসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডুৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ম'হৰ গাড়ী আৰু ই ৰিক্সাৰেই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় নেতাদ্বয়ে ৷
নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেইবাখনো পূজা মণ্ডপত উপস্থিত হৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আশিষ গ্ৰহণ কৰে । পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবেই এইদৰে ম'হৰ গাড়ীত উঠি পূজা চোৱা বুলি মন্তব্য কৰে ভূপেন বৰাই । ইয়াৰ পিছতেই বুধবাৰে নিশাৰ ভাগত ভূপেন বৰা গৈ উপস্থিত হয় উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন এটা সমষ্টি মৰিয়নীত ।