অসম

assam

ETV Bharat / state

ভূমিহীন খিলঞ্জীয়াক লৈ নিকিষ্ট ৰাজনীতি বিজেপিৰ - সংবাদমেল সম্বোধন

শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ভূমি অধিকাৰ সংগ্ৰাণ সমিতিয়ে ৷ উক্ত সংবামেলতে বিজেপিৰ চৰকাৰে বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ নেতৃত্বই ৷ সাংবাদিকক সম্বোধন কৰি নেতৃত্বই কয়, ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদাণ কৰা নামত 21 ক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাজনীতি কৰিব বিছাৰিছে ৷

bhumi odhikar sangram samiti press meet
ভূমিহীন খিলঞ্জীয়াক লৈ নিকিষ্ট ৰাজনীতি বিজেপিৰ

By

Published : Jan 22, 2021, 7:45 PM IST

Updated : Jan 22, 2021, 8:21 PM IST

গুৱাহটী, 22 জানুৱাৰী :আগন্তক 21 ৰ বিধান সভা নিৰ্বাচনক লৈ বিজেপি নেতৃত্বাধীন দিল্লী-দিছপুৰে নিকৃষ্ট ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷ উক্ত সংবাদমেলতে এই অভিযোগ কৰে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ৷

সাংবাদিকক সম্বোধন কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ নেতৃত্বই কয়, ভূমিহীন খিলঞ্জীয়াক ভূমি পট্টা প্ৰদাণ কৰাৰ নামত 21 ক কেন্দ্ৰ কৰি বিজেপিয়ে ৰাজনীতি কৰিব বিচাৰিছে ৷ 23 তাৰিখে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শিৱসাগৰ জিলাত ভূমিহীন লোকক মাটি পট্টা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে ৷ কিন্তু বৰ্তমান সময়লৈকে এই সন্দৰ্ভত এজনো খিলঞ্জীয়া লোকৰ লগত চৰকাৰখনে যোগাযোগ কৰা নাই বুলি সমিতিৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে ৷

ভোটৰ অংকত কোনো মধ্যভোগী অথবা ভুৱা হিতাধিকাৰী সৃষ্টি কৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চমক সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে ৷ শিৱসাগৰ জিলাৰ উপায়ু্ক্ত কাৰ্যালয়তে বৰ্তমানে কেইবা হাজাৰ খিলঞ্জীয়া লোকৰ আবেদন পৰি আছে ৷ এনে অৱস্থাত প্ৰধানমন্ত্ৰী মোদীয়ে হাতে হাতে মাটি পট্টা প্ৰদান কৰা কাৰ্যই এতিয়া সকলোকে আচৰিক কৰি তুলিছে ৷ সাংবাদমেলত ভূমি অধিকাৰ সমিতিৰ নেতৃত্বই কয় এইদৰে ৷

ভূমিহীন খিলঞ্জীয়াক লৈ নিকিষ্ট ৰাজনীতি বিজেপিৰ

লগতে সংগঠনটোৰ নেতৃত্বই চৰকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, বিগত সময়ত সমগ্ৰ অসমতে পাঁচ লাখ খিলঞ্জীয়া ভূমিহীন লোকে মাটি পট্টাৰ বাবে আবেদন কৰিছিল ৷ কিন্তু এই ভূমিহীন লোকৰ মাটি পট্টা প্ৰদাণৰ বাবে চৰকাৰে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মত প্ৰকাশ কৰে সংগঠনটোৱে ৷

এনে পৰিস্থিতিত অসমৰ ভূমিহীন ৰাইজে আগন্তক সময় বিজেপিক উচিত প্ৰত্যুত্তৰ দিব ৷ তদুপৰি 31 জানুৱাৰীৰ পৰা প্ৰতিখন জিলাতে ভূমিহীন লোকৰ ভূমি পট্টা প্ৰদানৰ দাবীত আন্দোলন গঢ়ি তুলিব বুলিও আজিৰ সংবাদমেলত ভূমি অধিকাৰ সমিতিয়ে চৰকাৰক হুংকাৰ দিয়ে ৷

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ ঐতিহাসিক জেৰেঙা পথাৰত 23 জানুৱাৰী তাৰিখে নিৰ্বাচনক কেন্দ্ৰিক বিজেপিৰ এখন বিশেষ গণ সভা অনুষ্টিত হ'ব ৷ উক্ত সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰী পক্ষই ঘোষণা কৰিছে ৷ মন কৰিবলগীয়া কথাটো হ'ল প্ৰধানমন্ত্ৰীৰ অসম আগমণক কেন্দ্ৰ কৰি বিৰোধীৰ লগতে বিভিন্ন দল সংগঠনে কেইবাটাও জাতীয় সমস্যা সমাধানৰ দাবীৰে অসমৰ চাৰিওফালে প্ৰতিবাদমূখৰ পৰিবেশ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : লাঠিৰে কোবাই কোবাই হত্যা শুকুৰ আলীক

Last Updated : Jan 22, 2021, 8:21 PM IST

ABOUT THE AUTHOR

...view details