অসম

assam

ETV Bharat / state

ম'বাইলেই কাল হ'ল নেকি যোৰহাটৰ যুৱক অসীমৰ ?

ভূতনাথৰ চাঞ্চল্যকৰ ঘটনা ৷ চণ্ডালৰ লগত কাজিয়া হোৱাৰ ফলতেই ব্ৰহ্মপুত্ৰত পৰি গৈছিল অসীম ৷ আজিও লুইতৰ বুকুত নিৰুদ্দেশ অসীম ।

By

Published : Jul 19, 2019, 3:26 PM IST

প্ৰকৃততে কি হৈছিল ভূটনাথত

গুৱাহাটী, 19 জুলাই : যোৰহাটৰ যুৱক অসীম বৰুৱাৰ নিৰুদ্দেশৰ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্যৰ ৷ নিতৌ উদঘাটন ন ন তথ্য ৷ চণ্ডালক গ্ৰেপ্তাৰৰ পাচতেই চণ্ডালৰ ইটোৰ পাচত সিটো স্বীকাৰোক্তি ৷ কিন্তু প্ৰকৃততে যুৱকজনৰ লগত কি হৈছিল ভূতনাথত ? চণ্ডালৰ স্বীকাৰোক্তি অনুসৰি 9 তাৰিখে নিশা অত্যাধিক মদ্যপান কৰি ভূতনাথ শ্মশানলৈ আহিছিল অসীম বৰুৱা । তাৰ পিছত নিজৰ ম'বাইলত চাৰ্জ নোহোৱাত শ্মশানৰ চণ্ডাল ভগীৰথ সৰকাৰৰ ম'বাইলেৰে মাতৃক ফোন কৰিছিল অসীমে । অসীমৰ অৱস্থা গম পাই চণ্ডাল ভগীৰথক অসীমৰ ফোন দুটা নিজৰ লগত ৰাখি থ’বলৈ কৈছিল অসীমৰ মাতৃয়ে । যুৱকজনৰ মাতৃৰ কথা মতে চণ্ডালগৰাকীয়ে ম'বাইল দুটা ল'বলৈ চেষ্টা কৰাৰ সময়তে দুয়োৰে মাজত সূত্ৰপাত ঘটে কাজিয়াৰ । কাজিয়াৰ ফলতে ব্ৰহ্মপুত্ৰত পৰি যায় অসীম । ইফালে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১ ধাৰাত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে চণ্ডাল ভগীৰথ সৰকাৰক ।

প্ৰকৃততে কি হৈছিল ভূটনাথত

তৰোপৰি উক্ত দিনা ঘটনাস্থলীত উপস্থিত থকা নৱ কুমাৰ দাস নামৰ আন এজন চণ্ডালক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে, বৰ্তমানেও লুইতৰ বুকুত নিৰুদ্দেশ হৈ আছে যোৰহাটৰ যুৱক অসীম বৰুৱা ।

ABOUT THE AUTHOR

...view details