অসম

assam

ETV Bharat / state

মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ গণেশগুৰিৰ বজাৰত উপলব্ধ হৈছে বিহুৰ বিভিন্ন খাদ্য সামগ্ৰী বৰা চাউল, বিভিন্ন লাৰু, পিঠা, গুড়, চিৰা আদি ।

bhogali bihu preparation at guwahati
মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

By

Published : Jan 10, 2021, 6:06 PM IST

Updated : Jan 10, 2021, 6:52 PM IST

গুৱাহাটী, 10 জানুৱাৰী:দুৱাৰদলিত বাপোতিসাহোন ভোগালী বিহু ৷ চিৰা পিঠাৰে উভৈনদী মহানগৰীৰ বজাৰ সমূহ ৷ অসমীয়াৰ প্ৰাণৰ এনাজৰী ভোগালী বিহু ৷ ৰাজ্যৰ প্ৰতিখন গাঁৱত এতিয়া ঢেঁকীৰ গুমগুমণি, আখলত জীয়ৰী-বোৱাৰী ব্যস্ত হৈ পৰিছে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতিত ৷

মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

সমান্তৰালভাৱে গুৱাহাটী মহানগৰীটো দেখিবলৈ পোৱা গৈছে ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ ভোগালী মানেই ভোগৰ উৎসৱ ৷ গুৱাহাটী মহানগৰৰ প্ৰাণকেন্দ্ৰ গণেশগুৰিৰ বজাৰত দেখিবলৈ পোৱা গৈছে ভোগালীৰ উচাহ-উদ্দীপনা ৷

মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

গণেশগুৰিৰ বজাৰত উপলব্ধ হৈছে বিহুৰ বিভিন্ন খাদ্য সামগ্ৰী বৰা চাউল, বিভিন্ন লাৰু,পিঠা,গুড়,চিৰা আদি । মহানগৰবাসীয়ে লাভ কৰিছে গ্ৰামাঞ্চলৰ ঘৰতে উৎপাদন কৰা বিহুৰ সামগ্ৰী । যদিওবা পূৰ্বতকৈ সামগ্ৰী সমূহৰ মূল্য় বৃদ্ধি হোৱা বুলি গ্ৰাহক সকলে মন্তব্য কৰিছে তথাপিও বিহুৰ সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই আহিছে বিভিন্নজন ৷

লগতে পঢ়ক:সৰভোগৰ এঠা দৈ অবিহনে আধৰুৱা হেঁপাহৰ ভোগালী

Last Updated : Jan 10, 2021, 6:52 PM IST

ABOUT THE AUTHOR

...view details