অসম

assam

ETV Bharat / state

কংক্রিটৰ মহানগৰীত ভোগালীৰ প্ৰস্তুতি - ভোগালীৰ প্ৰস্তুতি

মহানগৰীৰ গণেশগুৰিত ভোগালী বিহুৰ প্ৰস্তুতি ৷ প্ৰায় 20 ফুট উচ্চতাৰ মেজি সাজিব বিহু কমিটীয়ে ৷

guwahati bhogali bihu
মহানগৰীত ভোগালী বিহুৰ প্ৰস্তুতি

By

Published : Jan 7, 2021, 1:57 PM IST

গুৱাহাটী,7 জানুৱাৰী : অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু এতিয়া দুৱাৰ দলিত ৷ সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ প্ৰস্তুতি ।

মহানগৰীত ভোগালী বিহুৰ প্ৰস্তুতি

মহানগৰীৰ অন্যান্য স্থানৰ লগতে গণেশগুৰিতো আৰম্ভ কৰা হৈছে ভোগালী বিহুৰ আয়োজনj প্ৰস্তুতি ৷ গণেশগুৰি গণেশ মন্দিৰ কমিটী আৰু দিছপুৰ প্ৰেছ ক্লাৱৰ সৌজন্যত উদযাপন কৰা হ’ব ভোগালী বিহু ৷

মহানগৰীত ভোগালী বিহুৰ প্ৰস্তুতি

প্ৰায় 20 ফুট উচ্চতাৰ মেজি প্ৰস্তুতিত নিয়োজিত হৈ আছে 6 জনকৈ কৰ্মী । কংক্রিটৰ নগৰীত মেজি প্ৰজ্বলন পৰ্বই বাৰুকৈয়ে ভোগালীৰ আমেজ ল’ব পাৰিব গুৱাহাটীবাসীয়ে ।

মহানগৰীত ভোগালী বিহুৰ প্ৰস্তুতি

প্ৰায় 100 ডালতকৈও অধিক মেঘালয়ৰ পৰা অনা বাঁহেৰে প্ৰস্তুত কৰা হৈছে মেজি । মুঠতে ভোগালীৰ আনন্দত আত্মহাৰা হৈ আছে গুৱাহাটীবাসী ৷

লগতে পঢ়ক :জামিন নাপালে অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details