মহানগৰীত ভোগালী বিহুৰ আনন্দ গুৱাহাটী, 14 জানুৱাৰী : আজি উৰুকা। ৰাজ্যত ৰঙালীৰ উখল-মাখল পৰিৱেশ। চহা খেতিয়কে কৃষি কৰ্মৰ অন্তত সোণগুটি লখিমী চপাই ভঁৰালত ভৰোৱাৰ পিছত এতিয়া লগে ভাগে খোৱাৰ সময়। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ চলিছে ভোগালীৰ ব্যাপক প্ৰস্তুতি। উৰুকাৰ নিশাৰ আয়োজনৰ বাবে ব্যস্ত প্ৰতি গৰাকী চহা অসমীয়া । বাদ পৰি ৰোৱা নাই কংক্ৰীটৰ মহানগৰবাসীও। গাত তৎ নোহোৱা হৈছে জীয়ৰী-বোৱাৰীৰ লগতেই প্ৰতি গৰাকী অসমীয়াৰ। গাঁৱৰ জীয়ৰী-বোৱাৰী ব্যস্ত যদি চিৰা-পিঠা ভজাত।
মহানগৰীৰ প্ৰতিখন বজাৰতে উপলব্ধ হৈছে পিঠা-পনা, চিৰা- দৈ- সান্দহ। ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে ভোগালীমেলাও । 70 টকাৰ পৰা আৰম্ভ কৰি বিক্ৰী বিক্ৰী হৈছে পিঠা লাড়ু, 180 ৰ পৰা 250 টকা পৰ্যন্ত বিক্ৰী হৈছে ৰামদিয়াৰ দৈ, ক্ৰীম 600 টকা, 120 টকাত চিৰা, কোমল চাউল ।
ইয়াৰোপৰি ইয়াৰে বহু ভোগালী মেলাত আছে ঢেঁকীশালৰো ব্যৱস্থা। ঢেঁকী শালত পিঠা গুৰি খুন্দি, ঠাইতে পিঠা বনাই বিক্ৰী কৰাৰো ব্যৱস্থা কৰা হৈছে । যাতে মহানগৰীবাসীয়ে মহানগৰীতে হেপাঁহৰ ভোগালী উদযাপন কৰিব পাৰে তাৰেই প্ৰচেষ্টা এই সকল বিক্রেতাৰ ।
ইফালে উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ। উৰুকাৰ নিশা লগে-ভাগে খোৱা এসাঁজ খাবলৈ পুৱাৰে পৰা বজাৰ সমূহত ভিৰ কৰিছে হি গ্ৰাহকে। সমান্তৰালভাৱে বিভিন্ন স্থানৰ ৰাজহুৱা বিল–খাল, নদী আদিতো একেলগে উৰুকাৰ পুৱা মাছ ধৰাৰ চলিছে প্রস্তুতি । প্ৰতি বছৰৰ দৰে এই বছৰো মহানগৰীৰ উজান বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ। নিজৰ মন পছন্দ তথা সাধ্য অনুসৰি মাছ আনিবলৈ উৰুকাৰ বজাৰত ভিৰ কৰিলে ভিন্ন জনে। এনেদৰেই প্ৰতি গৰাকী অসমীয়া সাজু হৈছে ভোগৰ উৎসৱ ভোগালীলৈ ।
লগতে পঢ়ক:মাছ-মানুহৰ প্ৰেমৰ কাহিনীৰে জনপ্ৰিয় হৈ উঠিছে আগিয়াৰ বকডো গাঁও