অসম

assam

ETV Bharat / state

ব্যতিক্ৰমী ধৰণেৰে মাতৃক শুভেচ্ছা জনালে ভাস্কৰজ্যোতি মহন্তই - bhaskarjyoti mahanta

১০ মে'ত মাতৃ দিৱসৰ দিনটোত অন্যান্য লোকৰ লগতে এক ব্যতিক্ৰমী ধৰণেৰে নিজ মাতৃক শুভেচ্ছা জনালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

bhaskarjyoti mahanta wishes his mother on ocasion of mothers day
bhaskarjyoti mahanta wishes his mother on ocasion of mothers day

By

Published : May 11, 2020, 10:04 PM IST

নিউজ ডেস্ক, 11 মে': ধৈৰ্য আৰু সহ্যৰ প্ৰতীক 'মা'ক লৈয়েই ১০ মে'ত সমগ্ৰ বিশ্বই পালন কৰি আহিছে মাডাৰ্ছ ডে অৰ্থাৎ মাতৃ দিৱস । এইবাৰো দেওবাৰে 10 মে'ৰ দিনটোত পালন কৰিলে মাতৃ দিৱস । মহামাৰী কৰ'ণাই সকলোকে আতংকিত কৰি ৰখাৰ সময়তে, এটি মিঠা অনুভৱেৰে মাতৃগৰাকীক সুঁৱৰি নিজ নিজ বাসস্থানতেই সকলোৱে উদযাপন কৰিলে দিৱসটি । কোনোৱে যদি নিজৰ মাতৃগৰাকীক লৈ গীত ৰচিছে, কোনোৱে আকৌ কৰিছে কবিতা আবৃত্তি ।

নিজৰ মাতৃগৰাকীক লৈ গীত ৰচিছে ভিন্নজনে

কৰ'ণা নিৰ্মূলৰ স্বাৰ্থত জনতাৰ বাবে দিনে নিশাই ব্যস্ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো ব্যতিক্ৰমীভাৱে, তেওঁৰ ভাৰতীয় আৰক্ষী সেৱাৰ টুপিটো মাতৃ নিৰুপমা মহন্তৰ মূৰত গুজি দি জীৱনৰ আদিপাঠ শিকোৱা মাতৃগৰাকীক শুভেচ্ছা জনায় । আৰক্ষী পুত্ৰৰ এই শুভেচ্ছাৰ ধৰণ আছিল সঁচাকৈয়ে ব্যতিক্ৰম । ইয়াৰোপৰি ছ'চিয়েল মিজিয়াত আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে লিখিলে "গছ-লতা-ফুলে ভৰা এইখন ধুনীয়া ধৰনীক চিনাকি কৰি দিয়া, ঘৰ নামৰ শ্ৰেষ্ঠ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়েই হৈছে আমাৰ মা ।"

ব্যতিক্ৰমী ধৰণেৰে মাতৃক শুভেচ্ছা জনালে ভাস্কৰজ্যোতি মহন্তই

লগতে পঢ়কঃমাতৃৰ সৈতে জনপ্ৰিয় তাৰকাসকল

ABOUT THE AUTHOR

...view details